ম্যানমাৰৰ পৰা বাংলাদেশত প্ৰৱেশৰ চেষ্টা, ৰোহিংগীয়াৰ ওপৰত ড্ৰোন আক্ৰমণত নিহত প্ৰায় ২০০ জন

প্ৰতিনিধিত্বমূলক ফাইল ফটোঃ সংগ্ৰহীত।

সমগ্ৰ বিশ্বতে যেন হিংসা আৰু যুদ্ধৰ সময় চলিছে। ৰাছিয়া-ইউক্ৰেইন, ইজৰাইল-ইৰাণ যুদ্ধৰ সমান্তৰালকৈ বাংলাদেশতো হিংসাত্মক পৰিস্থিতি বিয়পি পৰিছে। এতিয়া ম্যানমাৰতো ৰোহিংগীয়া মুছলমানক আক্ৰমণ কৰা হৈছে য’ত বহু লোকে প্ৰাণ হেৰুৱাইছে। শনিবাৰে দেশৰ পৰা বাংলাদেশলৈ পলায়ন কৰা এদল ৰোহিংগীয়া মুছলমানৰ নাওত ড্ৰ’ন আক্ৰমণ সংঘটিত হয়। এই ঘটনাত প্ৰায় ২০০ জন লোকে প্ৰাণ হেৰুৱায়।

জানিব পৰা মতে, ম্যানমাৰৰ ৰহিংগীয়া মুছলমানসকলে যুদ্ধৰ পৰা হাত সাৰিবলৈ বাংলাদেশলৈ পলায়ন কৰিবলৈ চেষ্টা কৰিছিল। এতিয়াও নৈৰ পাৰত পৰি আছে মৃতদেহবোৰ। মৃতসকলৰ ভিতৰত পুৰুষৰ লগতে মহিলা আৰু শিশুও আছে।

ছ’চিয়েল মিডিয়াত এই আক্ৰমণৰ ভিডিঅ’ এটা পোষ্ট কৰাৰ পিছতে এই খবৰ পোহৰলৈ আহে । ভিডিঅ’টোত বহু সংখ্যক মৃতদেহ বোকাময় পথাৰত পৰি থকা দেখা গৈছে। এই সকলোবোৰ মৃতদেহৰ চাৰিওফালে ছুটকেছ আৰু টালি-টোপোলা পৰি আছে। সূত্ৰ অনুসৰি এই আক্ৰমণত ২০০ৰো অধিক লোকৰ মৃত্যু হয়।

লগতে পঢ়কঃ আদানী সম্পৰ্কত বিস্ফোৰণ হিণ্ডেনবাৰ্গৰ : কেলেংকাৰীত নাম সাঙুৰ খাইছে ছেবীৰ অধ্যক্ষ মাধৱী বুচ

সংবাদ সংস্থাৰ বাতৰি মতে, এই আক্ৰমণৰ চাৰিজন প্ৰত্যক্ষদৰ্শীয়ে ড্ৰ’ন আক্ৰমণৰ কথা জানিবলৈ দিয়ে। এই আক্ৰমণৰ পিছত প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে, বাংলাদেশ সীমান্ত পাৰ হ’বলৈ চেষ্টা কৰা পৰিয়ালৰ ওপৰত এই আক্ৰমণ সংঘটিত কৰা হয়। এই আক্ৰমণৰ পিছত মৃতকৰ পৰিয়ালৰ সদস্য আৰু আত্মীয়ই নিজৰ আপোনজনক চিনাক্ত কৰিবলৈ চেষ্টা কৰি আছে।

ৰোহিংগীয়া সাধাৰণ নাগৰিকৰ ওপৰত এই আক্রমণ এতিয়ালৈকে হোৱা আটাইতকৈ বিপজ্জনক আক্রমণ বুলিও প্রতিবেদনত উল্লেখ কৰা হৈছে। যি আৰাকান সেনা এই আক্ৰমণৰ আঁৰত আছিল যদিও আৰাকান সেনাই এই অভিযোগ অস্বীকাৰ কৰিছে। এই আক্ৰমণৰ বাবে ম্যানমাৰৰ সেনা আৰু উগ্ৰবাদী গোটে ইজনে সিজনক জগৰীয়া কৰিছে।

লগতে পঢ়কঃ দেশৰ প্ৰাক্তন বৈদেশিক মন্ত্ৰী কে নটৱৰ সিঙৰ ৯৩ বছৰ বয়সত দেহাৱসান

ম্যানমাৰৰ উপকূলীয় চহৰ মাউংডুৰ বাহিৰত বুলি ছ’চিয়েল মিডিয়াত ভাইৰেল ভিডিঅ’টোৰ স্থান নিশ্চিত কৰা হৈছে। এই ভিডিঅ’টোৰ সঠিক সময় এতিয়াও নিশ্চিত হোৱা নাই। ভাইৰেল ভিডিঅ’টোত মৃতদেহৰ দ’ম পথাৰত পৰি থকা দেখা গৈছে।