পাকিস্তানত প্রচণ্ড তুষাৰপাতত আৱদ্ধ প্ৰায় ১হাজাৰ গাড়ী; ঠাণ্ডাত শিশুকে ধৰি ২২জন পৰ্যটকৰ মৃত্যু

pak-snowfall-1641646894

তুষাৰপাতৰ দৃশ্য উপভোগ কৰিবলৈ গৈ মৃত্যুক আকোৱালি ল’ব লগা হ’ল পৰ্যটকে। পাকিস্তানৰ হিল ষ্টেশ্যন মুৰিত প্ৰবল তুষাৰপাতত পথতে আৱদ্ধ হৈ পৰিল প্ৰায় ১হাজাৰ যাত্ৰীভৰ্তি গাড়ী। সেই বৰফৰ মাজতে ঠাণ্ডাতে ৯টি শিশুকে ধৰি ২২জন পৰ্যটকৰ মৃত্যু ঘটিছে।

দুৰ্গতসকলৰ উদ্ধাৰৰ বাবে পাকিস্তানৰ চৰকাৰে সেনা নিয়োগ কৰিছে। প্ৰধানমন্ত্ৰী ইমৰাণ খানে এই মৰ্মান্তিক ঘটনাক লৈ শোক প্ৰকাশ কৰিছে আৰু ঘটনাৰ তদন্তৰ নিৰ্দেশ দিছে।

বাতৰি অনুসৰি, অভাৱনীয় তুষাৰপাত তথা বতৰৰ সম্ভেদ নোলোৱাকৈ হিল ষ্টেশ্যনলৈ এইদৰে পৰ্যটক যোৱাৰ বাবেই দুৰ্ভাগ্যজনক ঘটনাটোৰ সন্মুখীন হ’বলগা হ’ল বুলি কোৱা হৈছে।

পাকিস্তানৰ মুৰিত ১৫-২০বছৰৰ পাছত এইবাৰ এনেদৰে বিশাল পৰ্যটকৰ সমাৱেশ ঘটিছিল। পৰিস্থিতিলৈ চাই ইছলামাবাদৰ পৰা মুৰিলৈ যোৱা পথ বন্ধ কৰি দিয়া হৈছে। প্ৰবল তুষাৰপাতত প্ৰায় ১হাজাৰ গাড়ী আৱদ্ধ হৈ পৰিছে।

স্থানীয় বাসিন্দাসকলে আৱদ্ধ পৰ্যটকসকলক খাদ্য তথা কম্বলৰ যোগান ধৰিছে। জানিব পৰা মতে, কমেও ২৩হাজাৰ গাড়ী মুৰিৰ পৰা সুকলমে উলিয়াই অনা হৈছে যদিও প্ৰায় ১হাজাৰ গাড়ী আৱদ্ধ হৈ আছে।

পাকিস্তান চৰকাৰে অধিক পৰ্যটকক এই হিল ষ্টেশ্যনলৈ অহাৰ বাবে আহ্বান জনোৱাৰ পূৰ্বে পৰ্যটকসকলৰ নিৰাপত্তাৰ ব্যৱস্থা কৰিব লাগিছিল বুলি চৰকাৰক সমালোচনা কৰিছে পিপিপি দলৰ নেতাসকলে।

তেওঁলোকে কয় যে তুষাৰপাতৰ বাবে নহয়, চৰকাৰৰ গাফিলতিৰ বাবেহে এইদৰে পৰ্যটকে মৃত্যুক আকোৱালি ল’বলগীয়া হ’ল।