বিহাৰ বিজেপিৰ মুখ্য কাৰ্য্যালয়ত ক’ৰ’না; ২৪ গৰাকীকৈ লোক প’জিটিভ

বিজেপি দলৰ পতাকা

বিহাৰ বিজেপিৰ মুখ্য কাৰ্য্যালয়ৰ অতিকমেও ২৪ গৰাকীকৈ লোক কোভিড-১৯ ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হোৱা বুলি জানিব পৰা গৈছে।

বিহাৰ বিজেপিৰ মুখ্য কাৰ্য্যালয়ৰ কোভিড-১৯ প’জিটিভ হোৱা লোক সকলৰ ভিতৰত চাৰিগৰাকী বিজেপিৰ শীৰ্ষ নেতাও আছে বুলি বিজেপিৰ বিহাৰ গোটৰ প্ৰধান সঞ্জয় জয়ছোৱালে উল্লেখ কৰে।

”কোভিড-১৯ প’জিটিভ হোৱা লোক সকলৰ এগৰাকীৰো কোনোধৰণৰ লক্ষণ দেখা দিয়া নাই। চৰকাৰী নীতি-নিৰ্দেশনা পালন কৰি তেওঁলোকে বৰ্তমান নিজ নিজ গৃহতে কোৱাৰেণ্টাইনত আছে,” সঞ্জয় জয়ছোৱালে লগতে কয়।

উল্লেখযোগ্য যে, মঙলবাৰে জম্মু-কাশ্মীৰ বিজেপিৰ সভাপতি ৰবিন্দৰ ৰাইনাৰ শৰীৰত ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰিছিল।

ৰাইনাক কাশ্মীৰৰ নাৰায়ণা হাস্পাতালত ভৰ্তি কৰি চিকিৎসা প্ৰদান কৰি থকা হৈছে।

ক’ৰ’না আক্ৰান্ত জম্মু-কাশ্মীৰ বিজেপিৰ ৰাজ্যিক সভাপতি গৰাকীয়ে দুদিন পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰী জিতেন্দ্ৰ সিঙকে ধৰি বিজেপিৰ শীৰ্ষ নেতা ৰাম মাধৱ আৰু ভালেকেইগৰাকী নেতাৰ সংস্পৰ্শলৈ আহিছিল।