দেওবাৰে মাজ নিশা দক্ষিণ-পূব আফগানিস্তানত সংঘটিত হয় এক শক্তিশালী ভূমিকম্প। ৰিখটাৰ স্কেলত ভূমিকম্পৰ প্ৰাবল্য আছিল ৬.০, যাৰ ফলত আফগানিস্তানৰ লগতে পাকিস্তান আৰু ভাৰতৰ কেইবাটাও স্থানতো আতংক বিয়পি পৰিছে।
নিশা ১২:৪৭ বজাত হঠাৎ জোকাৰণি অনুভূত হয়। বহুতে সাৰ পাই আতংকিত হৈ ঘৰৰ পৰা ৰাস্তালৈ দৌৰি ওলাই আহে। ৰাজধানী দিল্লীকে ধৰি উত্তৰ আৰু পশ্চিম ভাৰতৰ বিভিন্ন প্ৰান্ততো অনুভূত হয় এই ভূমিকম্প।
আফগানিস্তানৰ জালালাবাদৰ পৰা প্ৰায় ২৭ কিলোমিটাৰ উত্তৰ-পূবত এই ভূমিকম্পৰ কেন্দ্ৰবিন্দু আছিল আৰু ইয়াৰ গভীৰতা আছিল প্ৰায় ৮ কিলোমিটাৰ।
বিশেষজ্ঞসকলে কয় যে ভূগৰ্ভৰ ওচৰত এনেধৰণৰ ভূমিকম্প বহুত বেছি বিপজ্জনক কাৰণ ইয়াৰ প্ৰভাৱ দ্ৰুতগতিত ভূপৃষ্ঠত উপনীত হয় আৰু ঘৰ-দুৱাৰ ভাঙি যোৱাৰ সম্ভাৱনা বাঢ়ি যায়। আফগানিস্তানত ২৫০ জন লোকৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে। কমেও ৫০০ জন আহত হৈছে। আৰু অধিক মৃত্যুৰ আশংকা কৰা হৈছে।
আফগানিস্তানত প্ৰায়ে ভূমিকম্পৰ সৃষ্টি হয়। ইয়াৰ মূল কাৰণ ভাৰতীয় আৰু ইউৰেছিয়ান টেকটনিক প্লেটৰ সংযোগস্থলত দেশখন অৱস্থিত। এই অঞ্চলৰ পৃষ্ঠভাগ অতি সক্ৰিয় আৰু প্ৰায়ে প্লেটৰ সংঘৰ্ষৰ ফলত ভূমিকম্পৰ সৃষ্টি হয়। মাত্ৰ এমাহ পূৰ্বে ৫.৫ আৰু ৪.২ প্ৰাবল্যৰ দুটা ভূমিকম্পই দেশখনক জোকাৰি গৈছিল।
ভূমিকম্পৰ মূল কাৰণ হৈছে পৃথিৱীৰ ভিতৰত টেকটনিক প্লেটৰ গতি। এই বিশাল প্লেটবোৰ সদায় লাহে লাহে গতি কৰে আৰু শেষত ইটোৱে সিটোৰ লগত সংঘৰ্ষ হয়। ফলত ভিতৰত প্ৰচণ্ড চাপ জমা হয়। চাপ শিখৰত উপনীত হ’লে ফাট মেলে আৰু তাৰ পৰা শক্তিৰ বিস্ফোৰণ ঘটে, যিটোৱে ভূমিকম্পৰ ৰূপ লয়।
বিশেষজ্ঞসকলে সতৰ্ক কৰি দিছে যে ঘন জনবসতিপূৰ্ণ উপত্যকা, দুৰ্বল নিৰ্মাণশৈলী আৰু ভূমিকম্পৰ বাবে অপৰ্যাপ্ত প্ৰস্তুতি – এই সকলোবোৰেই বৃহৎ ক্ষতি আৰু দুৰ্যোগৰ সম্ভাৱনাৰ সৃষ্টি কৰে। ইয়াৰ উপৰিও জলবায়ু পৰিৱৰ্তনে মাটিৰ স্থিৰতা আৰু বতৰৰ ধৰণতো প্ৰভাৱ পেলাইছে, যাৰ ফলত পৃথিৱীৰ ভেটিৰ সুক্ষ্ম ভাৰসাম্যৰ ওপৰত নতুন চাপ পৰিছে আৰু বিপদ বৃদ্ধি পাইছে।
সেয়েহে বিজ্ঞানীসকলে কয় যে পৰ্যবেক্ষণ বৃদ্ধি কৰা, ভূমিকম্পৰ নিৰীক্ষণ শক্তিশালী কৰা, দুৰ্যোগৰ প্ৰস্তুতিৰ ক্ষেত্ৰত সক্ৰিয় হোৱাটো পূৰ্বতকৈ অধিক গুৰুত্বপূৰ্ণ।