মৰ্মান্তিক! বাছত অগ্নিকাণ্ড, মহাৰাষ্ট্ৰৰ বুলঢানাত ভয়ংকৰ দুৰ্ঘটনা; ২৬ জন লোকৰ মৃত্যু

অগ্নিকাণ্ড সংঘটিত হোৱা বাছখন। ফটো: সংগ্ৰহীত।

মহাৰাষ্ট্ৰৰ বুলঢানাৰ সিন্ধখেড়ত দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে এখন ব্যক্তিগত বাছত অগ্নিকাণ্ডৰ ঘটনা ঘটে। বাছখনত বহু লোক অগ্নিদগ্ধ হৈ মৃত্যুমুখত পৰে। এতিয়ালৈকে ২৬ জনৰ মৃত্যু হৈছে। বাছখনত যাত্ৰী আছিল প্ৰায় ৩২ জন। আহতসকলক ততাতয়াকৈ চিকিৎসালয়লৈ লৈ যোৱা হৈছে আৰু চিকিৎসালয়ত তেওঁলোকৰ চিকিৎসা চলি আছে।

এই দুৰ্ঘটনা বুলঢানাৰ সমৃদ্ধি মহামাৰ্গ এক্সপ্ৰেছৱেত সংঘটিত হৈছে। বাছত ঘটা অগ্নিকাণ্ডৰ ফলত বহু লোকৰ মৃত্যু ঘটাৰ সম্ভাৱনা আছে।

বুলঢানাৰ উপ আৰক্ষী অধীক্ষক বাবুৰাও মহামুনীয়ে জানিবলৈ দিয়া মতে বুলঢানাৰ সমৃদ্ধি মহামাৰ্গ এক্সপ্ৰেছৱে’ত ৩২ জন যাত্ৰী কঢ়িয়াই অনা বাছত অগ্নিকাণ্ড সংঘটিত হোৱাৰ ফলত কমেও ২৬ জন লোকৰ মৃত্যু হোৱাৰ লগতে বহুকেইজন আহত হয়। আহতসকলক বুলঢানা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে।

বুলঢানাৰ আৰক্ষী অধীক্ষক সুনীল কড়াসেনে কয় যে যোৱা নিশা প্ৰায় ১.৩০ বজাত সংঘটিত হয় এই দুৰ্ঘটনা। ঘটনাৰ সময়ত বাছখনত ৩২ জন যাত্ৰী আছিল, ইয়াৰে ২৬ জন লোকে প্ৰাণ হেৰুৱাইছে। এই দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈছে ৮জন লোক।  

তেওঁ লগতে কয় যে বাছখনৰ টায়াৰ ফাটি যোৱাৰ ফলত বাছখন বাগৰি পৰে আৰু তাৰ পিছত বাছখনত অগ্নিকাণ্ড সংঘটিত হয়। দুৰ্ঘটনাটোৰ কাৰণে পথটো বন্ধ হৈ পৰা বুলি জানিব পৰা গৈছে।

এই ঘটনাত প্ৰশাসনৰ গাফিলতিও চৰ্চালৈ আহিছে বুলিও কোৱা হৈছে। দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে বিলাসী বাছখনত অগ্নিকাণ্ড সংঘটিত হয়। তথ্য অনুসৰি প্ৰায় ডেৰ ঘণ্টা ধৰি বাছখন জ্বলি থাকিল যদিও উদ্ধাৰৰ বাবে অগ্নিনিৰ্বাপক বাহিনী আৰু আৰক্ষীৰ দল সেই স্থানত উপস্থিত নহ’ল। বাছখনত থকা লোকসকল অগ্নিদগ্ধ হৈ মৃত্যুমুখত পৰে।