পুনৰ এনকাউণ্টাৰ: হাজোত অভিযুক্তক এনকাউণ্টাৰত হত্যা অসম আৰক্ষীৰ

মে’ মাহৰ পৰা ৰাজ্যত ২৭ জনক এনকাউণ্টাৰত হত্যা

Encounter in Assam

বুধবাৰে যোৰহাট কাণ্ডৰ মূল অভিযুক্ত ক’লা ল’ৰাৰ মৃত্যুৰ বিষয়ত ৰাজ্য তোলপাৰ লাগি থকাৰ মুহূৰ্ততে আন এটা এনকাউণ্টাৰৰ কথা পোহৰলৈ আহিছে।

মঙলবাৰে কামৰূপ জিলাৰ হাজোত অসম আৰক্ষীয়ে অপহৰণ আৰু হত্যাৰ অভিযোগত অভিযুক্তক গুলীয়াই হত্যা কৰাৰ তথ্য পোহৰলৈ আহিছে।

এই সন্দৰ্ভত এজন আৰক্ষী বিষয়াই জানিবলৈ দিয়া অনুসৰি হাজোৰ খোপনিকুচি গাঁৱৰ বাসিন্দা চাফিকুল আলীৰ অপহৰণ আৰু হত্যাত জড়িত অভিযুক্তল অনুসন্ধান চলাই থকা হৈছিল।

নিৰ্দিষ্ট তথ্য লাভ কৰাৰ পিছত আৰক্ষীৰ এটা দলে অভিযুক্তক গ্ৰেপ্তাৰ উদ্দেশ্যে তেওঁৰ বাসগৃহলৈ গৈছিল আৰু তেতিয়াই অভিযুক্তজনে আৰক্ষীৰ দলটোক লক্ষ্য কৰি গুলীচালনা কৰিছিল বুলি আৰক্ষী বিষয়াজনে সংবাদ মাধ্যমৰ আগত কয়।

আৰক্ষী বিষয়াজনে লগতে দাবী কৰে যে অভিযুক্তজনৰ গুলীচালনাৰ বাবে আৰক্ষীয়েও গুলী চলাবলৈ বাধ্য হয় আৰু আৰক্ষীৰ গুলীত তেওঁ আহত হয়।

ততাতৈয়াকৈ তেওঁক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ লৈ যোৱা হৈছিল আৰু চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত তেওঁ মৃত্যুবৰণ কৰে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

ব্যক্তি জনৰ ওচৰত এটা .৩২ পিষ্টল আৰু চাৰিটা সজীৱ কাৰ্ট্ৰিজ পোৱা গৈছিল লগতে আৰক্ষীয়ে সদৰী কৰে।

উল্লেখ্য যে, চলিত বৰ্ষৰ মে’ মাহৰ পৰা অসম আৰক্ষীৰ গুলীচালনাত কমেও ২৭ জন লোক নিহত হৈছে।

আৰক্ষীয়ে দাবী কৰিছে যে অপৰাধীসকলে অস্ত্ৰ কাঢ়ি নিবলৈ চেষ্টা কৰা বা জিম্মাৰ পৰা পলাই যাবলৈ চেষ্টা কৰাৰ বাবে গুলীবৰ্ষণ ৰখা হৈছে।

কিন্তু বিৰোধী তথা সচেতন ৰাইজে এইয়া আৰক্ষীয়ে আইন হাতত তুলি লোৱা বুলি অভিযোগ কৰিছে। তেওঁলোকে দাবী কৰিছে যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধীনত অসম আৰক্ষী মুকলি হত্যাত লিপ্ত হৈছে। ই ৰাজ্যৰ পৰা আইনৰ শাসন অভিধাটোকে নাকচ কৰিব বুলি অভিযোগ উত্থাপন হৈছে।

উল্লেখ্য যে মুখ্যমন্ত্ৰী হিচাপে শপত লোৱাৰ পিছতে হিমন্ত বিশ্ব শৰ্মাই অসম আৰক্ষীয়ে কাম কৰাৰ পেটাৰ্ণ সলনি কৰিব বুলি সকীয়নি দিছিল। তাৰ পিছৰে পৰা অভিযুক্তৰ এনকাউণ্টাৰ এটা গতানুগতিক ট্ৰেণ্ড হৈ পৰিছে অসমত।