বন্দুকধাৰীৰ সন্ত্ৰাস! আমেৰিকাত পুনৰ দুৰ্বৃত্তৰ গুলীত নিহত ৩ জন, আহত ৯ জন

ফটো: সংগ্ৰহীত।

আমেৰিকাত বন্দুকধাৰীৰ আক্ৰমণত কমেও ৩ জন লোক নিহত হৈছে। সোমবাৰে ফাৰ্মিংটনত সংঘটিত হয় এই ঘটনা।

এই ঘটনাত দুজন আৰক্ষীকে ধৰি ৯ জন লোক আহত হয়। আৰক্ষীৰ অভিযানত আক্রমণকাৰীৰো মৃত্যু হয়৷

গীৰ্জাৰ বাহিৰত এজন ১৮ বছৰীয়া বন্দুকধাৰীয়ে গুলীচালনা কৰা বুলি জানিব পৰা গৈছে। তথ্য লাভ কৰাৰ পিছতে আৰক্ষীয়ে ক্ষীপ্ৰতাৰে অভিযান আৰম্ভ কৰে। চাৰিওফালৰ ৰাস্তা-ঘাট বন্ধ কৰি দিয়া হৈছিল।

লগতে পঢ়ক: প্ৰেমৰ সম্পৰ্ক মানি নল’লে পৰিয়ালে : একেলগে চৰম সিদ্ধান্ত গ্ৰহণ দুই প্ৰেমিক-প্ৰেমিকাৰ

আতংকিত চহৰখনৰ বিদ্যালয়সমূহ বন্ধ কৰি দিয়া হৈছিল। অৱশ্যে আক্ৰমণকাৰীৰ মৃত্যুৰ পিছত বিদ্যালয়সমূহৰ পৰা বন্ধ প্ৰত্যাহাৰ কৰা হয়। আক্ৰমণকাৰীৰ উদ্দেশ্য এতিয়াও জানিব পৰা হোৱা নাই।