• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 29, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

পুনৰ কুকি-মেইটেই সংঘৰ্ষত উত্তপ্ত মণিপুৰ; কমেও ৩ জন নিহত, জ্বলাই দিয়া হৈছে ঘৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 5, 2023 12:07 pm
ফটো: সংগ্ৰহীত।

ফটো: সংগ্ৰহীত।

1.9k
VIEWS
Share on FacebookShare on Twitter

পুনৰ উত্তপ্ত হৈ পৰিছে মণিপুৰ। উত্তৰ-পূবৰ ৰাজ্যখনত নতুনকৈ সংঘৰ্ষৰ সৃষ্টি হৈছে। মণিপুৰৰ বিষ্ণুপুৰত শুকুৰবাৰে নিশা পুনৰ সংঘৰ্ষৰ সৃষ্টি হয়। এই সংঘৰ্ষত কমেও ৩ জন লোকৰ মৃত্যু হোৱা বুলি কোৱা হৈছে। তদুপৰি, কেইবাটাও ঘৰত অগ্নিসংযোগ কৰাৰ ঘটনাও সংঘটিত হৈছে।

বাতৰি অনুসৰি, শুকুৰবাৰে মণিপুৰৰ বিষ্ণুপুৰ জিলাত পুনৰ কুকি আৰু মেইটেই জনগোষ্ঠীৰ মাজত সংঘৰ্ষ আৰম্ভ হয়। দুয়োপক্ষৰ মাজত হোৱা সংঘৰ্ষত কমেও তিনিজন লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে।

মৃত লোক কেইজন মেইটেই সম্প্ৰদায়ৰ বুলি জানিব পৰা গৈছে। তেওঁলোক কাৱাকাটা অঞ্চলৰ বাসিন্দা। সেই ঘটনাৰ পিছতে কুকি জনগোষ্ঠীৰ কেইবাটাও ঘৰত অগ্নিসংযোগ কৰাৰ খবৰ পোৱা গৈছে।

আৰক্ষীৰ সূত্ৰৰ পৰা জানিব পৰা মতে, দুয়োটা সম্প্ৰদায়ৰ মাজত সংঘৰ্ষ ৰোধ কৰিবলৈ সৃষ্টি কৰা বাফাৰ জ’ন পাৰ হৈ শুকুৰবাৰে নিশা একাংশ লোকে গুলীচালনা কৰে। ইয়াৰ পিছতে দুয়োপক্ষৰ মাজত ব্যাপক সংঘৰ্ষ আৰম্ভ হয়। সামগ্ৰী ধ্বংস কৰাৰ লগতে কেইবাটাও ঘৰত অগ্নিসংযোগ কৰাৰ ঘটনাও সংঘটিত হয়।

উল্লেখ্য যে কাৱাকটা অঞ্চলৰ দুই কিলোমিটাৰ আগত এটা বাফাৰ জ’ন সৃষ্টি কৰা হৈছে। নিৰাপত্তাৰ দায়িত্বত আছে কেন্দ্ৰীয় বাহিনী। সংঘাতৰ খবৰ পোৱাৰ লগে লগে তেওঁলোকে পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ আৰম্ভ কৰে। আনহাতে, আৰক্ষী বাহিনীও প্ৰেৰণ কৰা হৈছে।

দুদিন পূৰ্বে বিষ্ণুপুৰত মেইটেই গোটৰ প্ৰতিবাদকাৰীৰ সশস্ত্ৰ বাহিনীৰ সৈতে সংঘৰ্ষত উত্তেজনাৰ সৃষ্টি হৈছিল। অভিযোগ অনুসৰি, প্ৰতিবাদকাৰীয়ে থানা আৰু নিৰাপত্তাৰক্ষীৰ পৰা অস্ত্ৰ লুট কৰাৰ চেষ্টা চলাইছিল। সেইদিনা সংঘৰ্ষত ১৭ জন লোক আহত হয়। ইয়াৰ  পিছতে পুনৰ পূব আৰু পশ্চিম ইম্ফলত কঠোৰ সান্ধ্য আইন জাৰি কৰা হয়।

Recent News

সাহসী, সততা ভৰা সাংবাদিকতাক বাৰে বাৰে কৰা চৰম অপমান অক্ষমণীয়, ‘মুখ্যমন্ত্ৰীৰ পৰাই অনুপ্রাণিত হৈছে অনুজ মন্ত্রী-বিধায়ক’: ৰাইজৰ দল

সাহসী, সততা ভৰা সাংবাদিকতাক বাৰে বাৰে কৰা চৰম অপমান অক্ষমণীয়, ‘মুখ্যমন্ত্ৰীৰ পৰাই অনুপ্রাণিত হৈছে অনুজ মন্ত্রী-বিধায়ক’: ৰাইজৰ দল

আদানীৰ কয়লা খনিত বন ধ্বংসৰ মহাযজ্ঞ! ছত্তীশগড়ত ২১৫ হেক্টৰ বনাঞ্চল ধ্বংস, প্ৰভাৱিত ১৪খন গাঁও

আদানীৰ কয়লা খনিত বন ধ্বংসৰ মহাযজ্ঞ! ছত্তীশগড়ত ২১৫ হেক্টৰ বনাঞ্চল ধ্বংস, প্ৰভাৱিত ১৪খন গাঁও

অন্তৰ্জাতিক এমি বঁটা লাভ কৰা বিবিচিৰ দলত দুজন মিজোৰামৰ সাংবাদিক

অন্তৰ্জাতিক এমি বঁটা লাভ কৰা বিবিচিৰ দলত দুজন মিজোৰামৰ সাংবাদিক

শেষবাৰৰ বাবে নামাজ আদায় কৰি হুকহুকাই কান্দিলে গঞাই! মন্ত্ৰী পীযূষ হাজৰিকালৈ কি অনুৰোধ জনালে ৰাইজে?

শেষবাৰৰ বাবে নামাজ আদায় কৰি হুকহুকাই কান্দিলে গঞাই! মন্ত্ৰী পীযূষ হাজৰিকালৈ কি অনুৰোধ জনালে ৰাইজে?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd