বাংলাদেশৰ ৰাজধানী ঢাকাৰ শ্বপিং মলত ভয়াৱহ অগ্নিকাণ্ড; জীৱন্তে অগ্নিদগ্ধ হৈ ৪৪ জনৰ মৃত্যু

ফটোঃ সংগ্ৰহীত।

বাংলাদেশৰ ৰাজধানী ঢাকাত এটা বহুমহলীয়া অট্টালিকাত সংঘটিত হোৱা ভয়াৱহ অগ্নিকাণ্ডত ৪৪ জন লোকৰ মৃত্যু হয়। জানিব পৰা মতে, জুই লগা বহুমহলীয়া অট্টালিকাটো আছিল এটা বাণিজ্যিক কমপ্লেক্স। অট্টালিকাৰ দ্বিতীয় মহলাৰ এখন ৰেষ্টুৰেণ্টৰ পৰাই এই অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে। অৱশ্যে এই অগ্নিকাণ্ডৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই। অগ্নিকাণ্ড কেনেদৰে সংঘটিত হ’ল সেয়া জানিবলৈ তদন্ত চলি আছে।

অগ্নিকাণ্ডৰ সন্দৰ্ভত অগ্নিনিৰ্বাপক বাহিনীৰ বিষয়া মহম্মদ মাইনুদ্দিনে কয় যে তলৰ দুটা মহলাৰ পৰাই জুই আৰম্ভ হৈছিল। পিছলৈ ই ওপৰলৈ বিয়পি পৰে। ইয়াৰ বাবেই বহু লোক আবদ্ধ হৈ পৰে। জনা যায় যে যিটো অট্টালিকাত এই অগ্নিকাণ্ড সংঘটিত হৈছে সেয়া ঢাকাৰ বেইলী ৰোডত অৱস্থিত।

স্থানীয় সময় অনুসৰি নিশা ১১:৫০ বজাত নিয়ন্ত্ৰণলৈ অনা হয় জুই। তেতিয়াৰ পৰাই যুদ্ধকালীনভাৱে উদ্ধাৰৰ কাম আৰম্ভ হয়। গভীৰ নিশা কিছু সময়ৰ বাবে উদ্ধাৰ অভিযান বন্ধ কৰি দিয়া হয়। আজি পুৱা পুনৰ উদ্ধাৰ কাম আৰম্ভ হৈছে।

লগতে পঢ়কঃ যোগী ৰাজ্যত চাঞ্চল্যকৰ কাণ্ডঃ উদ্ধাৰ দুই কিশোৰীৰ মৃতদেহ, ধৰ্ষণৰ সন্দেহ

অগ্নিকাণ্ডৰ ঘটনা শুনি বাংলাদেশৰ স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে ঘটনাস্থলীলৈ আহে। এই ঘটনা সন্দৰ্ভত স্বাস্থ্যমন্ত্ৰী ডাঃ সামন্ত লাল সেনে কয় যে যেতিয়া শ্বেখ হাছিনা ৰাষ্ট্ৰীয় বাৰ্ন এণ্ড প্লাষ্টিক চাৰ্জাৰী ইনষ্টিটিউটলৈ লৈ যোৱা লোকসকলৰ ভিতৰত তাত থকা চিকিৎসকে ৩৩ জন লোকক মৃত ঘোষণা কৰে। লগতে অগ্নিনিৰ্বাপক বাহিনীয়ে ঘটনাস্থলীৰ পৰা উদ্ধাৰ কৰে ১০টা জ্বলি যোৱা মৃতদেহ। সামন্তে মৃতকৰ সংখ্যা আৰু বৃদ্ধি পাব পাৰে বুলি আশংকা প্ৰকাশ কৰিছে।

বাতৰি অনুসৰি, বৃহস্পতিবাৰে নিশা স্থানীয় সময় অনুসৰি প্ৰায় ৯:৫০ বজাত শ্বপিং মলটোৰ দ্বিতীয় মহলাৰ এখন ৰেষ্টুৰেণ্টত প্ৰথমটো অগ্নিকাণ্ড সংঘটিত হয়। তাৰ পাছতে জুই শ্বপিং মলটোলৈ বিয়পি পৰিল। সেই শ্বপিং মলটোত কেইবাখনো কাপোৰৰ দোকান আছিল। লগতে আৰু ৰেষ্টুৰেণ্টো আছিল। সেইবোৰতো জুই লাগে। ৰেষ্টুৰেণ্টৰ পাকঘৰৰ গেছ চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত এই অগ্নিকাণ্ড দ্ৰুতগতিত বিয়পি পৰে। তাতে বহু মানুহ আবদ্ধ হৈ পৰে। খবৰ পোৱাৰ লগে লগে অগ্নিনিৰ্বাপক বাহিনীৰ লোকে ততাতয়াকৈ তাত উপস্থিত হয়।

জানিব পৰা মতে, ১৩খন অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী সেই স্থানলৈ প্ৰেৰণ কৰা হৈছে। অগ্নিনিৰ্বাপক বাহিনীয়ে দীৰ্ঘ প্ৰচেষ্টাৰ অন্তত শ্বপিং মলৰ পৰা ৭৫জন লোকক উদ্ধাৰ কৰে। বেছিভাগেই অচেতন নাছিল। পিছত উদ্ধাৰ হোৱা লোকসকলৰ ভিতৰত ৪৪ জন লোকক মৃত বুলি ঘোষণা কৰা হয়। ইয়াৰ উপৰিও ঢাকা মেডিকেল কলেজ আৰু শ্বেখ হাছিনা নেচনেল বাৰ্ন এণ্ড প্লাষ্টিক চাৰ্জাৰী ইনষ্টিটিউটত আন প্ৰায় ৩০ জন অগ্নিদগ্ধ ৰোগী চিকিৎসাধীন হৈ আছে।

উল্লেখ্য যে বিগত সময়ত বহুবাৰ বাংলাদেশৰ বহুমহলীয়া অট্টালিকা বা কাৰখানাত ভয়াৱহ অগ্নিকাণ্ড সংঘটিত হৈছে। এই অগ্নিকাণ্ডত বহু লোকৰ মৃত্যু হয়। ইয়াৰ পূৰ্বে ২০২১ চনত কাৰখানাত হোৱা অগ্নিকাণ্ডত ৫২ জন লোকৰ মৃত্যু হৈছিল। তাৰ পূৰ্বে ২০১৯ চনত ঢাকাৰ বহুমহলীয়া অট্টালিকাত সংঘটিত এক অগ্নিকাণ্ডত ২৭ জন লোকে প্ৰাণ হেৰুৱাইছিল। সেই বছৰেই আন এক অগ্নিকাণ্ডত ৭১ জন লোকৰ মৃত্যু হৈছিল।