NORTHEAST NOW (Assamese)

হৰ্ষ-বিষাদ! খিতাপজয়ী লিভাৰপুলৰ অনুৰাগীৰ ভিৰৰ ওপৰেৰে চলাই নিলে গাড়ী; কমেও ৪৭ জন আহত

May 27, 2025 12:55 pm · এন ই নাও নিউজ, গুৱাহাটী

ইংলেণ্ডৰ শীৰ্ষ ফুটবল ক্লাব লিভাৰপুলৰ অনুৰাগীৰ ভিৰৰ মাজত উঠি যোৱা এখন গাড়ীৰ খুন্দাত ২৭ জন লোকক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। ইয়াৰে দুজনৰ অৱস্থা গুৰুতৰ। এই ঘটনাত কমেও ৪৭ জন লোক আহত হোৱা বুলি শেহতীয়াকৈ খবৰ পোৱা গৈছে। অৱশ্যে আৰক্ষীয়ে এই কাণ্ডক সন্ত্ৰাসবাদ সম্পৰ্কীয় বুলি ভাৱিবলৈ অস্বীকাৰ কৰিছে।

লিভাৰপুলে এইবাৰৰ ইংলিছ প্ৰিমিয়াৰ লীগৰ খিতাপ দখল কৰিছে। এই বিজয় উদযাপনৰ বাবে সোমবাৰে যুক্তৰাজ্যৰ উত্তৰ-পশ্চিমাঞ্চলৰ লিভাৰপুল চহৰত এক শোভাযাত্ৰাৰ আয়োজন কৰা হয়। এই শোভাযাত্ৰাত ক্লাবৰ সহস্ৰাধিক সমৰ্থকে অংশগ্ৰহণ কৰে। এই সমৰ্থকৰ ভিৰৰ মাজত এখন গাড়ী সোমাই পিষ্ট কৰে।

আৰক্ষীয়ে জনোৱা মতে, এই ঘটনাৰ সৈতে জড়িত লিভাৰপুলৰ এজন ৫৩ বছৰীয়া শ্বেতাংগ ব্ৰিটিছ লোকক গ্ৰেপ্তাৰ কৰা হৈছে। ভিৰৰ মাজত খুন্দা মৰা গাড়ীখনৰ তেওঁ চালক আছিল বুলি আৰক্ষীয়ে অনুমান কৰিছে।

ঘটনাস্থলীত ২০ জন লোকক প্ৰাথমিক চিকিৎসা প্ৰদান কৰা হয়। লিভাৰপুল এম্বুলেন্স চাৰ্ভিচে জনোৱা মতে, চাৰিটা শিশুকে ধৰি ২৭ জন লোকক চিকিৎসালয়লৈ লৈ যোৱা হৈছে। এটা শিশু আৰু এজন প্ৰাপ্তবয়স্কৰ অৱস্থা সংকটজনক।

এই ঘটনাৰ সময়ত ভিৰৰ মাজৰ চাৰিজন লোক গাড়ীৰ তলত চেপা খাই পৰে। পিছত অগ্নিনিৰ্বাপক বাহিনীৰ লোক আহি উদ্ধাৰ কৰে।

ছ’চিয়েল মিডিয়াত প্ৰচাৰিত এটা ভিডিঅ’ত দেখা গৈছে যে গাড়ীখনে বিপুল ভিৰৰ মাজত সোমাই পৰাত মানুহবোৰ ছিটিকি পৰে।

ভাৰপ্ৰাপ্ত ডেপুটি চীফ কনিষ্টবল জেনী ছিমছে সাংবাদিকৰ আগত কয় যে তেওঁলোকৰ মতে এইটো এটা বিচ্ছিন্ন কাণ্ড। তেওঁলোকে নাভাবে যে ইয়াৰ লগত আন কোনোবা জড়িত হৈ আছে। ঘটনাটোক সন্ত্ৰাসবাদ বুলি গণ্য কৰা হোৱা নাই।

এজন প্ৰত্যক্ষদৰ্শীয়ে বিবিচিক জনোৱা মতে, প্ৰিমিয়াৰ লীগৰ ট্ৰফী কঢ়িয়াই অনা এখন ছাদ মুকলি বাছত লিভাৰপুলৰ খেলুৱৈসকলে চহৰৰ মাজমজিয়াৰে গাড়ী চলাই যোৱাৰ ১০ মিনিটৰ পিছতে এই কাণ্ড সংঘটিত হয়।

লিভাৰপুল চিটি কাউন্সিলৰ নেতা লিয়াম ৰবিনছনে ছ’চিয়েল মিডিয়াত এটা পোষ্টত কয় যে এই কাণ্ডই আনন্দময় দিনটোত ওপৰত দুখৰ ছাঁ পেলাইছে।

ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী কেয়াৰ ষ্টাৰমাৰে এই বিষয়ে ছ’চিয়েল মিডিয়া এক্স (পূৰ্বৰ টুইটাৰ)ত পোষ্ট কৰে। তেওঁ এই ঘটনাৰ ওপৰত চকু ৰাখিছে বুলি উল্লেখ কৰি আহত ভুক্তভোগীসকলৰ প্ৰতি সমবেদনা জ্ঞাপন কৰে।

কৰ’না মহামাৰীৰ সময়ত লিভাৰপুলে শেষবাৰৰ বাবে ইংলিছ প্ৰিমিয়াৰ লীগৰ খিতাপ দখল কৰিছিল। কিন্তু সেই সময়ত উদযাপনৰ ক্ষেত্ৰত বাধা আছিল। সেয়ে এইবাৰৰ খিতাপ দখলত ক্লাবৰ অনুৰাগী আৰু সমৰ্থকসকলৰ মাজত যথেষ্ট উৎসাহৰ সৃষ্টি হৈছে।

Related News