NORTHEAST NOW (Assamese)

মাজনিশা ভয়ানক বিস্ফোৰণ, বিধ্বস্ত দুমহলীয়া ফটকা কাৰখানা; নিহত ৫জন, গুৰুতৰভাৱে আহত ৩৪ জন

May 30, 2025 12:34 pm · এন ই নাও নিউজ, নতুন দিল্লী

পঞ্জাৱৰ এটা ফটকা কাৰখানাত এক ভয়ানক বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছে। বৃহস্পতিবাৰে নিশা সংঘটিত হোৱা দুৰ্ঘটনাটোত কমেও ৫ জন লোকৰ মৃত্যু ঘটে আৰু অগ্নিদগ্ধ হৈ ৩৪ জন শ্ৰমিক গুৰুতৰভাৱে আহত হয়।

পঞ্জাৱৰ মুক্তছৰ জিলাৰ সিংহাৱালা গাঁৱৰ দুমহলীয়া ঘৰত আছিল ফটকা কাৰখানাটো। বিস্ফোৰণত সমগ্ৰ কাৰখানাটো ভাঙি যায়। ধ্বংসাৱশেষৰ মাজত আবদ্ধ হৈ পৰে বহু শ্ৰমিক। তথ্য লাভ কৰাৰ পিছতে সেই স্থানত উপস্থিত হয় আৰক্ষী। উদ্ধাৰৰ কাম চলি আছে। এতিয়াও চিনাক্ত হোৱা নাই মৃতদেহ। এই কাৰখানাৰ অধিকাংশ শ্ৰমিক উত্তৰ প্ৰদেশ আৰু বিহাৰৰ বাসিন্দা।

লম্বিৰৰ ডি এছ পি যশপাল সিঙে কয়, “বৃহস্পতিবাৰে নিশা প্ৰায় ১ বজাত বিস্ফোৰণ সংঘটিত হয়। তথ্য লাভ কৰাৰ পিছতে আমাৰ দলটোৱে তাত উপস্থিত হয়। এতিয়ালৈকে ধ্বংসাৱশেষৰ পৰা ৫টা মৃতদেহ উদ্ধাৰ কৰা হৈছে। উদ্ধাৰৰ কাম চলি আছে।” তেওঁ লগতে কয় যে এই ফটকা কাৰখানাৰ মালিকৰ বৈধ নথি-পত্ৰ আছিল নে নাই সেই বিষয়েও তদন্ত চলি আছে।

এই ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে। স্থানীয় ৰাইজে নিশা এটা প্ৰচণ্ড শব্দ শুনে। বাহিৰলৈ ওলাই আহোঁতে তেওঁলোকে দেখিলে যে ফটকা কাৰখানাৰ ভৱনটো মাটিত ভাঙি পৰি বিধ্বস্ত হৈছে।

কেনেকৈ সংঘটিত হ’ল এই বিস্ফোৰণ? ইয়াৰ তদন্ত চলি আছে। কৰ্তৃপক্ষই জনোৱা মতে, ফটকা কাৰখানাটোত নিয়মৰ কোনো সুৰুঙা আছিল নেকি সেইটো নিৰ্ণয় কৰিবলৈ বিতং তদন্ত কৰা হ’ব। যদি কোনো অবৈধ কাৰ্যকলাপ বা নিয়ম উলংঘা লক্ষ্য কৰা হয় তেন্তে আইন অনুসৰি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

Related News