NORTHEAST NOW (Assamese)

বিয়া ঘৰৰ পৰা উভতি অহাৰ পথত ট্ৰাকৰ সৈতে গাড়ীৰ সংঘৰ্ষ; ৫জন কনিষ্ঠ চিকিৎসকৰ মৃত্যু

November 28, 2024 8:58 am · এন ই নাও নিউজ, নতুন দিল্লী
দুৰ্ঘটনাত পতিত হোৱা বাহনখন। ফটোঃ সংগ্ৰহীত।

বিয়া ঘৰৰ পৰা উভতি অহাৰ পথত ট্ৰাকৰ সৈতে গাড়ীৰ সংঘৰ্ষত ৫জন কনিষ্ঠ চিকিৎসকৰ মৃত্যু হয়। উত্তৰ প্ৰদেশত বুধবাৰে পুৱাৰ ভাগত সংঘটিত হয় এই ঘটনা। আৰক্ষীৰ সূত্ৰ অনুসৰি এই দুৰ্ঘটনাত মৃত্যু হোৱা পাঁচজনেই উত্তৰ প্ৰদেশ ইউনিভাৰ্ছিটি অফ মেডিকেল ছায়েঞ্চৰ স্নাতকোত্তৰ শাখাৰ ছাত্ৰ। আন এজন ছাত্ৰ চিকিৎসক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ চিকিৎসাধীন হৈ আছে।

বুধবাৰে পুৱা প্ৰায় ৩:৩০ বজাত বিবাহ অনুষ্ঠানৰ পৰা উভতি আহিছিল মেডিকেল শিক্ষাৰ্থীকেইজন। আগ্ৰা-লক্নৌ এক্সপ্ৰেছৱেত সংঘটিত হয় এই দুৰ্ঘটনা। গাড়ীখনে নিয়ন্ত্ৰণ হেৰুৱাই ৰোড ডিভাইডাৰত খুন্দা মাৰি বিপৰীত দিশৰ পৰা অহা এখন ট্ৰাকত খুন্দা মাৰে। সংঘৰ্ষৰ ফলত গাড়ীখন চূৰ্ণ-বিচূৰ্ণ হৈ পৰে। গাড়ীখনত থকা ৫ গৰাকী শিক্ষাৰ্থীৰ থিতাতে মৃত্যু হয়। স্থানীয় ৰাইজে গুৰুতৰভাৱে আহত আন এজন ছাত্ৰক উদ্ধাৰ কৰে। সংকটজনক অৱস্থাত তেওঁ চিকিৎসাধীন হৈ আছে।

প্ৰাথমিক তদন্ত অনুসৰি গাড়ী চালকজন হয়তো পুৱাৰ ভাগত টোপনি গৈছিল। তাৰ বাবেই গাড়ীখনে নিয়ন্ত্ৰণ হেৰুৱাই দুৰ্ঘটনাটো সংঘটিত কৰে। আৰক্ষী বিষয়া প্ৰিয়ংকা বাজপেয়ীয়ে সংবাদ মাধ্যমক জনোৱা মতে, লক্ষ্ণৌৰ পৰা আগ্ৰা অভিমুখী এখন স্ক’ৰপিঅ’ এছ ইউ ভিয়ে নিয়ন্ত্ৰণ হেৰুৱাই ডিভাইডাৰ ভাঙি বুধবাৰে পুৱাই চাইড লেনত প্ৰৱেশ কৰে। তাৰ পিছতে বিপৰীত দিশৰ পৰা অহা এখন ট্ৰাকত  গাড়ীখন খুন্দা মাৰে। গাড়ীখনত থকা এজন ছাত্ৰৰ বাহিৰে বাকী সকলোৰে মৃত্যু হয়।

আৰক্ষীৰ সূত্ৰ অনুসৰি নিহত কেইজন অনিৰুদ্ধ বাৰ্মা, সন্তোষ কুমাৰ মৌৰ্য, জয়বীৰ সিং, অৰুণ কুমাৰ আৰু নৰদেৱ। তেওঁলোকৰ পৰিয়ালক অৱগত কৰা হৈছে। ঘটনাৰ তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে। কেনেদৰে দুৰ্ঘটনাটো সংঘটিত হৈছিল তাৰ তদন্ত চলি আছে।

Related News