অতিবৃষ্টিৰ কবলত উত্তৰাখণ্ড, কেৰালা; বানত বিপৰ্যস্ত জনসাধাৰণ

Uttarakhand, Kerala Rains Updates

অতিবৃষ্টিৰ কবলত বিপৰ্যস্ত হৈ পৰিছে উত্তৰাখণ্ড আৰু কেৰালা। ৰাজ্য দুখনত অতিবৃষ্টিৰ ফলত সৃষ্টি হোৱা বান আৰু খহনীয়াই প্ৰলয়ৰ সৃষ্টি কৰিছে।

উত্তৰাখণ্ডত একেৰাহে চতুৰ্থ দিনধৰি হোৱা ধাৰাসাৰ বৰষুণৰ ফলত পাহাৰীয়া ৰাজ্যখনত দুৰ্যোগৰ সৃষ্টি হৈছে। বানপানীৰ ফলত পথ আৰু দলং ধ্বংস হোৱাৰ লগতে বানত ডুব গৈছে বাসগৃহসমূহ।

উপচি পৰা জলাশয়সমূহে স্থানীয় লোক আৰু পৰ্যটকসকলক কিছুমান দূৰৱৰ্তী আৰু বিপদজনক স্থানত আৱদ্ধ কৰি ৰাখিছে।

ধাৰাসাৰ বৰষুণ আৰু ভূমিস্খলনৰ ফলত উত্তৰাখণ্ডৰ ৰণিখেত আৰু আলমোৰা আজি পোনপটীয়াকৈ দ্বিতীয় দিনৰ বাবে সমভূমিৰ পৰা সম্পূৰ্ণৰূপে বিচ্ছিন্ন হৈ পৰে।

আনহাতে নৈনিতালত সংযোগ কালি দিনটোৰ বেছিভাগ সময়ৰ বাবে নাইকিয়া হৈ যায়।

ৰাজ্যখনত কমেও ৫২ জন লোকৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে। ভয়াৱহ ভূমিস্খলন আৰু আকস্মিক বানপানীৰ ফলত সৃষ্টি হোৱা ধ্বংসস্তুপৰ মাজত উদ্ধাৰ হৈছে বহু মৃতদেহ।

অৱশ্যে ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনীয়ে উদ্ধাৰ অভিযানত উত্তৰাখণ্ডৰ পৰা ১,৩০০ ৰো অধিক লোকক স্থানান্তৰিত কৰিছে।

আনহাতে দক্ষিণ ভাৰতীয় ৰাজ্য কেৰালাত ১২ অক্টোবৰৰ পৰা ২০ অক্টোবৰৰ ভিতৰত বৰষুণ আৰু ভূমিস্খলনৰ ফলত ৪২ জন লোকৰ মৃত্যু হৈছে। আনহাতে ৬ জন লোক সন্ধানহীন হৈ আছে বুলি বুধবাৰে কেৰালাৰ মুখ্যমন্ত্ৰী পিনাৰাই বিজয়নে জানিবলৈ দিয়ে।

ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ (IMD) তথ্যই দেখুৱাইছে যে দক্ষিণৰ ৰাজ্যখনত ১ ৰ পৰা ১৯ অক্টোবৰলৈ ১৩৫ শতাংশ অতিৰিক্ত বৰষুণ হৈছে।

১৬ অক্টোবৰত প্ৰচণ্ড বৰষুণৰ সময়ত IMD- এ অত্যাধিক ধাৰাসাৰ বৰষুণৰ ইঙ্গিত দি কেৰালাত ৰেড এলাৰ্ট জাৰি কৰিছিল।

কেৰালাৰ মুখ্যমন্ত্ৰী গৰাকীয়ে লগতে কয় যে ৰাজ্যখনত প্ৰায় ৩০৪ টা সাহায্য কেন্দ্ৰ খোলা হৈছে। ক্ষতিগ্ৰস্ত লোকসকলক অতি সোনকালেই আৰ্থিক সাহায্য প্ৰদান কৰা হ’ব বুলি তেওঁ ঘোষণা কৰে।

উদ্ধাৰ অভিযানৰ বাবে ৰাজ্যখনত প্ৰায় ১১ টা NDRF দল মোতায়েন কৰা হৈছে বুলি মুখ্যমন্ত্ৰী গৰাকীয়ে কয়। সেনা জোৱানসকল বায়ু সেনা আৰু নৌসেনাৰ সৈতে যুটীয়াভাৱে উদ্ধাৰ অভিযানত অংশ লৈছে।