ঔদ্যোগিক এলেকাত গেছ লিক হৈ ছয়জনৰ মৃত্যু; অসুস্থ কেইবাজনো

Gas leak in Surat

গুজৰাটৰ চুৰাটত আজি পুৱতি নিশা এক মৰ্মান্তিক দুৰ্ঘটনা সংঘটিত হয়। এটা ৰাসায়নিক কাৰখানাত গেছ লিক হোৱাৰ ফলত কমেও ছয়জন লোকৰ মৃত্যু হোৱাৰ লগতে ২০ জন লোক অসুস্থ হৈ পৰে।

শচীন ঔদ্যোগিক এলেকাৰ বাহিৰত ৰখাই থোৱা এখন টেংকাৰৰ পৰা গেছ লিক হোৱাৰ ফলত কাৰখানাৰ শ্ৰমিকসকলে শ্বাস-প্ৰশ্বাসত কষ্ট অনুভৱ কৰে।

আৰক্ষীয়ে জনোৱা অনুসৰি, টেংকাৰখনৰ পৰা গেছ লিক হোৱাৰ সময়ত শচীন গুজৰাট ঔদ্যোগিক উন্নয়ন নিগমৰ শ্ৰমিকসকলে শুই আছিল।

ইতিমধ্যে এই মৰ্মান্তিক দুৰ্ঘটনাত অসুস্থ হৈ পৰা শ্ৰমিকসকলক চুৰাট অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেলে টুইটাৰযোগে এই দুৰ্ঘটনাৰ বাবে শোক প্ৰকাশ কৰিছে। “চুৰাটত গেছ লিক হোৱাৰ ফলত দুৰ্ভাগ্যবশতঃ বহু লোকৰ মৃত্যু হৈছে। বিদেহী আত্মাসকলে শান্তিত থাকক আৰু তেওঁলোকৰ আত্মীয়সকলে এই দুখ বহন কৰাৰ শক্তি লাভ কৰক। এই ঘটনাত অসুস্থ হৈ পৰা লোকসকলৰ কল্যাণৰ বাবেও মই প্ৰাৰ্থনা জনাইছো।” তেওঁ লিখে।

গুজৰাটৰ ৰাজ্যিক গৃহ মন্ত্ৰী হৰ্ষ সংঘৱীয়ে কয়, “আজি পুৱা চুৰাটৰ শচীন জিআইডিচি অঞ্চলৰ এটা কোম্পানীত গেছ লিকেজ হোৱাৰ বিষয়ে জানি অত্যন্ত দুখ পাইছো।”

“এই দুৰ্ভাগ্যজনক ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ বাবে মই প্ৰাৰ্থনা জনাইছো। আঘাতপ্ৰাপ্তসকল সোনকালে আৰোগ্য হওক। মই আৰক্ষী বিভাগৰ সৈতে নিৰন্তৰ যোগাযোগত আছো। আৰক্ষী আয়ুক্তৰ সৈতে কথা পাতি এই বিষয়টো অগ্ৰাধিকাৰৰ ভিত্তিত চাবলৈ নিৰ্দেশ দিছো। আমি মৃতকৰ পৰিয়ালৰ সৈতে একত্ৰিত হৈ থিয় দিছো।” তেওঁ লগতে কয়।