DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, August 13, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home দেশ

ঔদ্যোগিক এলেকাত গেছ লিক হৈ ছয়জনৰ মৃত্যু; অসুস্থ কেইবাজনো

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 6, 2022 12:51 pm
Gas leak in Surat
170
VIEWS
Share on FacebookShare on Twitter

গুজৰাটৰ চুৰাটত আজি পুৱতি নিশা এক মৰ্মান্তিক দুৰ্ঘটনা সংঘটিত হয়। এটা ৰাসায়নিক কাৰখানাত গেছ লিক হোৱাৰ ফলত কমেও ছয়জন লোকৰ মৃত্যু হোৱাৰ লগতে ২০ জন লোক অসুস্থ হৈ পৰে।

শচীন ঔদ্যোগিক এলেকাৰ বাহিৰত ৰখাই থোৱা এখন টেংকাৰৰ পৰা গেছ লিক হোৱাৰ ফলত কাৰখানাৰ শ্ৰমিকসকলে শ্বাস-প্ৰশ্বাসত কষ্ট অনুভৱ কৰে।

আৰক্ষীয়ে জনোৱা অনুসৰি, টেংকাৰখনৰ পৰা গেছ লিক হোৱাৰ সময়ত শচীন গুজৰাট ঔদ্যোগিক উন্নয়ন নিগমৰ শ্ৰমিকসকলে শুই আছিল।

ইতিমধ্যে এই মৰ্মান্তিক দুৰ্ঘটনাত অসুস্থ হৈ পৰা শ্ৰমিকসকলক চুৰাট অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেলে টুইটাৰযোগে এই দুৰ্ঘটনাৰ বাবে শোক প্ৰকাশ কৰিছে। “চুৰাটত গেছ লিক হোৱাৰ ফলত দুৰ্ভাগ্যবশতঃ বহু লোকৰ মৃত্যু হৈছে। বিদেহী আত্মাসকলে শান্তিত থাকক আৰু তেওঁলোকৰ আত্মীয়সকলে এই দুখ বহন কৰাৰ শক্তি লাভ কৰক। এই ঘটনাত অসুস্থ হৈ পৰা লোকসকলৰ কল্যাণৰ বাবেও মই প্ৰাৰ্থনা জনাইছো।” তেওঁ লিখে।

গুজৰাটৰ ৰাজ্যিক গৃহ মন্ত্ৰী হৰ্ষ সংঘৱীয়ে কয়, “আজি পুৱা চুৰাটৰ শচীন জিআইডিচি অঞ্চলৰ এটা কোম্পানীত গেছ লিকেজ হোৱাৰ বিষয়ে জানি অত্যন্ত দুখ পাইছো।”

“এই দুৰ্ভাগ্যজনক ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ বাবে মই প্ৰাৰ্থনা জনাইছো। আঘাতপ্ৰাপ্তসকল সোনকালে আৰোগ্য হওক। মই আৰক্ষী বিভাগৰ সৈতে নিৰন্তৰ যোগাযোগত আছো। আৰক্ষী আয়ুক্তৰ সৈতে কথা পাতি এই বিষয়টো অগ্ৰাধিকাৰৰ ভিত্তিত চাবলৈ নিৰ্দেশ দিছো। আমি মৃতকৰ পৰিয়ালৰ সৈতে একত্ৰিত হৈ থিয় দিছো।” তেওঁ লগতে কয়।

Recent News

National Flag: স্বাধীনতা দিৱস উদযাপনৰ মুহূৰ্তত জানি  লওক ভাৰতৰ জাতীয় পতাকা সম্পৰ্কে কিছু অজান তথ্য

National Flag: স্বাধীনতা দিৱস উদযাপনৰ মুহূৰ্তত জানি লওক ভাৰতৰ জাতীয় পতাকা সম্পৰ্কে কিছু অজান তথ্য

চোৰক মোৰে পালে! ভেটিকানৰ সমীপত সুৰংগৰ পৰা উদ্ধাৰ কৰা হ’ল সন্দেহযুক্ত বেংক ডকাইতক

চোৰক মোৰে পালে! ভেটিকানৰ সমীপত সুৰংগৰ পৰা উদ্ধাৰ কৰা হ’ল সন্দেহযুক্ত বেংক ডকাইতক

Salman Rushdie: অস্ত্ৰোপচাৰৰ পিছত ‘লাইফ ছাপোৰ্ট’ত ছলমান ৰুশ্বডি; অৱস্থা সংকটজনক

Salman Rushdie: অস্ত্ৰোপচাৰৰ পিছত ‘লাইফ ছাপোৰ্ট’ত ছলমান ৰুশ্বডি; অৱস্থা সংকটজনক

আলফা(স্বা:)ৰ বৰ্জনৰ আহ্বানৰ বিপৰীতে সুকলমে স্বাধীনতা দিৱস উদযাপনৰ প্ৰস্তুতি শিৱসাগৰ জিলা প্ৰশাসনৰ

আলফা(স্বা:)ৰ বৰ্জনৰ আহ্বানৰ বিপৰীতে সুকলমে স্বাধীনতা দিৱস উদযাপনৰ প্ৰস্তুতি শিৱসাগৰ জিলা প্ৰশাসনৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd