NORTHEAST NOW (Assamese)

অট্টালিকা ভাঙি ৬ জনৰ মৃত্যু, ধ্বংসাৱশেষৰ তলত পোত গৈ বহু কেইজন; বৰষুণৰ বাবে উদ্ধাৰ কাৰ্যত বাধা

July 31, 2026 11:28 am · এন ই নাও নিউজ, গুৱাহাটী

মহাৰাষ্ট্ৰৰ থানে জিলাৰ ভিওৱাণ্ডিত মাজ নিশা সংঘটিত হয় এক ভয়ংকৰ দুৰ্ঘটনা। চাৰি মহলীয়া এটা অট্টালিকা হঠাতে ভাঙি পৰে। বৃহস্পতিবাৰে নিশা প্ৰায় ১১:৩০ বজাত ভিওৱাণ্ডিৰ বালাজী নগৰ অঞ্চলৰ কোহিনূৰ বিল্ডিঙত সংঘটিত হয় এই বিপৰ্যয়।

তীব্ৰ শব্দৰ লগে লগে ঘৰৰ এটা বৃহৎ অংশ ভাঙি পৰাত সমগ্ৰ অঞ্চলটোত চৰম আতংকৰ সৃষ্টি হয়। তথ্য লাভ কৰাৰ পিছতে ধ্বংসাৱশেষৰ তলত আবদ্ধ হৈ থকা লোকসকলক উলিয়াই আনিবলৈ যুদ্ধকালীনভাৱে উদ্ধাৰ অভিযান আৰম্ভ কৰিছে প্ৰশাসনে।

ঘটনাৰ সংঘটিত হোৱাৰ লগে লগে স্থানীয় ৰাইজে প্ৰাৰম্ভিক উদ্ধাৰ কাম আৰম্ভ কৰে। পিছত এই তথ্য লাভ কৰাৰ পিছত ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী (এন ডি আৰ এফ), থানে দুৰ্যোগ সঁহাৰি বাহিনী (টি ডি আৰ এফ), অগ্নিনিৰ্বাপক বাহিনী, আৰক্ষী আৰু স্থানীয় পৌৰসভাৰ প্ৰতিনিধিয়ে দ্ৰুতগতিত দুৰ্ঘটনাস্থলীত উপস্থিত হয়।

বৰ্তমান ডগ স্কোয়াড, একাধিক অগ্নিনিৰ্বাপক বাহিনীৰ ইঞ্জিন, এম্বুলেন্স আৰু গধুৰ আৰ্থমুভিং সঁজুলি ব্যৱহাৰ কৰি ধ্বংসাৱশেষ আঁতৰোৱাৰ কাম চলি আছে। ইতিমধ্যে প্ৰশাসনিক বিষয়াসকলে ৬জন লোকৰ মৃত্যুৰ সংখ্যা নিশ্চিত কৰিছে।

উদ্ধাৰ হোৱা আহতসকলক ততাতৈয়াকৈ ওচৰৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। অৱশ্যে ধ্বংসাৱশেষৰ ভিতৰত ৪ৰ পৰা ৮জন লোক এতিয়াও আবদ্ধ হৈ থাকিব পাৰে বুলি আশংকা কৰা হৈছে। ফলস্বৰূপে অতি সাৱধানতাৰে ধাপে ধাপে উদ্ধাৰৰ কাম চলোৱা হৈছে আৰু হতাহতৰ সংখ্যা আৰু বৃদ্ধি পোৱাৰ আশংকাও নুই কৰিব নোৱাৰি।

স্থানীয় সূত্ৰৰ পৰা জানিব পৰা মতে, দীৰ্ঘদিন ধৰি অতি জৰাজীৰ্ণ অৱস্থাত আছিল আৱাসগৃহটো। কেইবাটাও প্ৰতিবেদনত কোৱা হৈছে যে অট্টালিকাটো খালী কৰাৰ নিৰ্দেশ দিয়াৰ পিছতো তাত মেৰামতিৰ কাম চলি আছিল। যদিও এতিয়ালৈকে প্ৰশাসনৰ পৰা এই সন্দৰ্ভত কোনো আনুষ্ঠানিক বিবৃতি দিয়া হোৱা হোৱা নাই। ইতিমধ্যে আৰক্ষী আৰু স্থানীয় প্ৰশাসনে দুৰ্ঘটনাৰ সঠিক কাৰণ জানিবলৈ তদন্ত আৰম্ভ কৰিছে।

উল্লেখ্য যে ভিওৱাণ্ডি অঞ্চলত জৰাজীৰ্ণ আৰু পুৰণি অট্টালিকা ভাঙি পৰাটো নতুন কথা নহয়, বিশেষকৈ বাৰিষা কালত এনে দুৰ্ঘটনাৰ আশংকা বহুগুণে বৃদ্ধি পায়। মাজ নিশাৰ এই মৰ্মান্তিক ঘটনাই পুনৰবাৰ মহানগৰীখনৰ জৰাজীৰ্ণ বাসস্থানৰ সঠিক ৰক্ষণাবেক্ষণ আৰু সুৰক্ষাক লৈ ডাঙৰ প্ৰশ্ন উত্থাপন কৰিছে।

Related News