মস্কোৰ কনচাৰ্ট হলত বন্দুকধাৰীৰ ভয়ংকৰ আক্ৰমণ; কমেও ৬০ জন নিহত, আহত শতাধিক

ফটোঃ সংগ্ৰহীত।

ৰাছিয়াৰ মস্কোত এটা কনচাৰ্ট হলত বন্দুকধাৰীয়ে ভয়ংকৰ আক্ৰমণ চলাইছে। বাতৰি অনুসৰি এই গুলীচালনা আৰু বোমা বিস্ফোৰণত কমেও ৬০ জন লোকৰ মৃত্যু হয়। শতাধিক লোক আহত হয়। শুকুৰবাৰে মস্কোৰ ক্ৰকাছ চিটি হলত সংঘটিত হয় এই ঘটনা। হলঘৰত এটা বোমা বিস্ফোৰণো ঘটে। চৌদিশ ধোঁৱাৰে আছন্ন হৈ পৰে।

এই আক্ৰমণক গৰিহণা দি ৰাছিয়াৰ বৈদেশিক মন্ত্ৰালয়ে কয় যে এয়া এক “সন্ত্ৰাসবাদী আক্ৰমণ”। ঘটনাস্থলীত বৃহৎ নিৰাপত্তা বাহিনী মোতায়েন কৰা হৈছে। চাৰিওফালৰ অঞ্চলসমূহ খালী কৰা হৈছে। ৰাছিয়াৰ তদন্তকাৰী সংস্থাই এই আক্ৰমণৰ তদন্ত আৰম্ভ কৰিছে।

ৰাছিয়াৰ বিভিন্ন সংবাদ মাধ্যমৰ মতে দলটোত কমেও পাঁচজন আক্ৰমণকাৰী আছিল। তেওঁলোকে ছদ্মবেশত কনচাৰ্ট হলত প্ৰৱেশ কৰিছিল। আক্ৰমণকাৰীৰ হাতত আছিল স্বয়ংক্ৰিয় বন্দুক।

লগতে পঢ়কঃ IPL 2024: ধোনীৰ ছত্ৰছায়াত নেতৃত্বৰে ঋতুৰাজৰ সফল অভিযান; ধৰাশায়ী বিৰাট বাহিনী

সংবাদ সংস্থাই প্ৰকাশ কৰা এই আক্ৰমণৰ ভিডিঅ’ত দেখা গৈছে যে আক্ৰমণকাৰীয়ে নিৰ্বিচাৰে গুলীচালনা কৰাৰ লগতে হলঘৰৰ ভিতৰত বোমা নিক্ষেপ কৰে। প্ৰেক্ষাগৃহৰ চাদত জুই লাগি চাৰিওফালে ধোঁৱাই ভৰি পৰে।

দেশখনৰ এগৰাকী সাংবাদিক ঘটনাস্থলীত উপস্থিত হৈ ঘটনাৰ সবিশেষ দিওঁতে কয় যে প্ৰায় ১৫ৰ পৰা ২০ মিনিট ধৰি চলা আক্ৰমণৰ পৰা হাত সাৰিবলৈ বহু লোকে মাটিত শুই পৰি থাকে। গুলীচালনা বন্ধ হোৱাৰ লগে লগে মানুহবোৰ তাৰ পৰা চুচুৰি বাগৰি আঁতৰি যাবলৈ চেষ্টা কৰে।

ৰাছিয়াৰ জৰুৰীকালীন মন্ত্ৰালয়ে নিজৰ টেলিগ্ৰাম চেনেলত প্ৰকাশ কৰা অনুসৰি আক্ৰমণৰ পৰা হাত সাৰিবলৈ প্ৰায় ১০০ জন লোকে হলটোৰ বেছমেণ্টত আশ্ৰয় লৈছিল। বহুতে হলঘৰৰ চাদত আশ্ৰয় লৈছিল। সকলোকে নিৰাপদ স্থানলৈ স্থানান্তৰ কৰা হৈছে। সেই সময়ত অনুষ্ঠান পৰিৱেশন কৰি থকা মিউজিক বেণ্ডটোৰ সকলো সদস্যকো নিৰাপদ স্থানলৈ স্থানান্তৰ কৰা হৈছে।

লগতে পঢ়কঃসাত দিনৰ বাবে ইডিৰ জিম্মালৈ প্ৰেৰণ কেজৰিৱালক

ৰাছিয়াৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ মাৰিয়া ঝাখাৰোভাই এই আক্ৰমণক “সন্ত্ৰাসবাদী আক্ৰমণ” বুলি অভিহিত কৰে। এই জঘন্য অপৰাধক সমগ্ৰ আন্তঃৰাষ্ট্ৰীয় সমাজে গৰিহণা দিয়া উচিত বুলিও তেওঁ কয়। আমেৰিকাইও এই আক্ৰমণক গৰিহণা দিয়ে। কিন্তু তেওঁলোকে এইটোও কয় যে এই আক্ৰমণৰ সৈতে ইউক্ৰেইনৰ কোনো ধৰণৰ সম্পৰ্ক নাই। 

শেহতীয়া বাতৰি মতে, সন্ত্ৰাসবাদী সংগঠন আইছিছে এই ঘটনাৰ দায়িত্ব স্বীকাৰ কৰিছে।