• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ইৰাকৰ হাইপাৰ মাৰ্কেটত ভয়ংকৰ অগ্নিকাণ্ড; কমেও ৬০ জন লোকৰ মৃত্যু, সন্ধানহীন ১১ জন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 17, 2025 2:37 pm
60
VIEWS
Share on FacebookShare on Twitter

ইৰাকত সংঘটিত এক ভয়ংকৰ অগ্নিকাণ্ডত এখন হাইপাৰ মাৰ্কেট সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ পৰে। এই অগ্নিকাণ্ডৰ ঘটনাত কমেও ৬০ জন লোকৰ মৃত্যু ঘটিছে। আন ১১ জন এতিয়াও সন্ধানহীন হৈ আছে। মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে।

বৃহস্পতিবাৰে পুৱতি নিশা ইৰাকৰ পূব অঞ্চলৰ আল-কুট চহৰত সংঘটিত হয় এই ঘটনা। মহানগৰীৰ স্বাস্থ্য বিভাগ আৰু আৰক্ষীৰ দুটা জ্যেষ্ঠ সূত্ৰই আন্তঃৰাষ্ট্ৰীয় সংবাদ সংস্থাক জনোৱা মতে ইতিমধ্যে ৫৯টা মৃতদেহ চিনাক্ত কৰা হৈছে। কিন্তু এটা মৃতদেহ ইমানেই বেয়াকৈ জ্বলি গৈছে যে এতিয়াও চিনাক্ত কৰিব পৰা নাই।

প্ৰশাসনিক বিষয়া আলী আল-মায়াহীয়ে জনোৱা মতে আৰু বহুতৰে মৃত্যু হৈছে। এতিয়ালৈকে মৃতদেহ উদ্ধাৰ সম্ভৱ হোৱা নাই।

অগ্নিকাণ্ডৰ ভিডিঅ’ ছচিয়েল মিডিয়াত বিয়পি পৰিছে। দেখা গৈছে যে পাঁচ মহলীয়া এটা অট্টালিকা জ্বলি আছে, অগ্নিনিৰ্বাপক বাহিনীয়ে জুই নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰি আছে।

ڤیدیۆی ئاگرەکەی کوت لە ئاسمان و لە نزیکەوە ببینە؛ پارێزگاری واست دەڵێت 50 کەس لە پیاو، ژن و منداڵ گیانیان لەدەستداوە pic.twitter.com/Ymf301wqJq

— Rudaw (@Rudawkurdish) July 17, 2025

জুই কেনেকৈ সূত্ৰপাত হ’ল সেয়া এতিয়াও স্পষ্ট হোৱা নাই। অৱশ্যে ইৰাকৰ ৰাজ্যিক সংবাদ সংস্থাক দিয়া এক বিবৃতিত গৱৰ্ণৰগৰাকীয়ে কয় যে ‘এই ঘটনাৰ তদন্ত আৰম্ভ হৈছে আৰু আগন্তুক ৪৮ ঘণ্টাৰ ভিতৰত ইয়াৰ প্ৰাৰম্ভিক প্ৰতিবেদন প্ৰকাশ কৰা হ’ব। হাইপাৰ মাৰ্কেটৰ মালিক আৰু বিল্ডিঙৰ মালিকৰ বিৰুদ্ধে আমি গোচৰ ৰুজু কৰিছো।’

Recent News

বিহাৰত জংঘলৰাজ! চিকিৎসালয়ত সোমাই চিকিৎসাধীন কাৰাবন্দীক গুলীয়াই হত্যা দুৰ্বৃত্তৰ

বিহাৰত জংঘলৰাজ! চিকিৎসালয়ত সোমাই চিকিৎসাধীন কাৰাবন্দীক গুলীয়াই হত্যা দুৰ্বৃত্তৰ

ইৰাকৰ হাইপাৰ মাৰ্কেটত ভয়ংকৰ অগ্নিকাণ্ড; কমেও ৬০ জন লোকৰ মৃত্যু, সন্ধানহীন ১১ জন

ইৰাকৰ হাইপাৰ মাৰ্কেটত ভয়ংকৰ অগ্নিকাণ্ড; কমেও ৬০ জন লোকৰ মৃত্যু, সন্ধানহীন ১১ জন

অনিমেষ কুজুৰ: ভাৰতৰ আটাইতকৈ দ্ৰুততম মানৱ

অনিমেষ কুজুৰ: ভাৰতৰ আটাইতকৈ দ্ৰুততম মানৱ

আকৌ এক সংকটৰ সংকেত! নিপাহ ভাইৰাছৰ আশংকাত স্বাস্থ্য বিভাগৰ সতৰ্কতা জাৰি

আকৌ এক সংকটৰ সংকেত! নিপাহ ভাইৰাছৰ আশংকাত স্বাস্থ্য বিভাগৰ সতৰ্কতা জাৰি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd