আকৌ টেক্সাছ! শ্বপিং মলত ৮ জনক গুলীয়াই হত্যা কৰাৰ পিছত এইবাৰ গাড়ীৰ খুন্দাত নিহত ৭ জন

ফটো: সংগ্ৰহীত।

আমেৰিকাৰ টেক্সাছত সংঘটিত এক গাড়ী দুৰ্ঘটনাত নিহত হৈছে ৭ জন লোক। এই ঘটনাত আৰু ৬ জন লোক আহত হয়। আহতসকলক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। টেক্সাছ প্ৰদেশৰ ব্ৰাউনছভিল চহৰত দেওবাৰে পুৱা প্ৰায় ৮:৩০ বজাত এই ঘটনা সংঘটিত হয়।

স্থানীয় আৰক্ষীৰ মুখপাত্ৰ মাৰ্টিন চেণ্ডোভালে সংবাদ মাধ্যমক জনোৱা মতে, প্ৰব্ৰজনকাৰীক ৰখাৰ উদ্দেশ্যেৰে নিৰ্মাণ কৰা এটা অট্টালিকাৰ বাহিৰত বাছ ষ্টপেজত মানুহবোৰ ৰৈ আছিল। সেই সময়তে এখন SUV গাড়ীয়ে তেওঁলোকক খুন্দিয়ায়। তাৰফলতে এই হতাহতৰ ঘটনা ঘটে।

আশে-পাশে থকা লোকসকলে গাড়ীখনৰ চালকজনক আটক কৰে। পিছত তেওঁক আৰক্ষীৰ হাতত গতাই দিয়া হয়। অসাৱধানতাৰে গাড়ী চলোৱাৰ অভিযোগত তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

লগতে পঢ়ক: তথাকথিত ভদ্ৰলোকৰ কীৰ্তি! ডাঃ সংগীতা আৰু ডাঃ ৱালিউলে ‘তোলনীয়া’ কন্যাক চলাইছিল যৌন নিৰ্যাতন

আৰক্ষী বিষয়া মাৰ্টিন চেণ্ডোভালে কয় যে চালকজনৰ বিৰুদ্ধে অসাৱধানতাৰে গাড়ী চলোৱাৰ উপৰি চালকজনৰ বিৰুদ্ধে আৰু কেইবাটাও অভিযোগ অনাৰ প্ৰক্ৰিয়া চলোৱা হৈছে। আৰু দুৰ্ঘটনা হৈছিল নে ইচ্ছাকৃতভাৱে তদন্ত চলি আছে।

মেক্সিকোৰ সীমান্তত ব্ৰাউনছভিল চহৰ। সীমান্ত পাৰ হৈ বহু প্ৰব্ৰজনকাৰীয়ে চহৰখনত আশ্ৰয় লৈছিল। দুৰ্ঘটনাস্থলীত থকা অট্টালিকাটো প্ৰথমে এই লোকসকলৰ বাবে নিৰ্মাণ কৰা হৈছিল। অৱশ্যে কালিৰ ঘটনাত নিহতসকলৰ মাজত কোনো প্ৰব্ৰজনকাৰী আছে নে নাই সেয়া তাৎক্ষণিকভাৱে জানিব পৰা হোৱা নাই।

ইপিনে, টেক্সাছৰ শ্বপিং মলটোত আক্ৰমণ কৰা বন্দুকধাৰীজনৰ পৰিচয় প্ৰকাশ কৰিছে কৰ্তৃপক্ষই। তেওঁৰ নাম মৰিছিঅ’ গাৰ্চিয়া। বয়স ৩৩ বছৰ।

লগতে পঢ়ক: SCERTৰ ১০৫ কোটিটকীয়া কেলেংকাৰী; অভিযুক্ত IAS বিষয়া শেৱালী দেৱী শৰ্মাক গ্ৰেপ্তাৰ

টেক্সাছৰ এলেনত শনিবাৰে শ্বপিং মলৰ বাহিৰত বন্দুকধাৰীৰ আক্ৰমণত ৮ জন লোক নিহত হয়। পিছত আৰক্ষীৰ গুলীত বন্দুকধাৰীজনো নিহত হয়। এই ঘটনাৰ ভিডিঅ’ ফুটেজত দেখা গৈছে যে গাৰ্চিয়াই শ্বপিং মলৰ পাৰ্কিং লটত ৰখাই থোৱা গাড়ীৰ পৰা নামি আহি কোনো সতৰ্কবাণী অবিহনে লোকৰ ওপৰত গুলীচালনা কৰিছিল।