NORTHEAST NOW (Assamese)

বিহাৰৰ ইটা ভাটাত ভয়ংকৰ বিস্ফোৰণত নিহত ৭ জন শ্ৰমিক

December 24, 2022 7:35 am · এন ই নাও নিউজ, গুৱাহাটী

বিহাৰৰ এটা ইটাভাটাত হোৱা ভয়ংকৰ বিস্ফোৰণৰ ঘটনাত কমেও ৭ জন শ্ৰমিক নিহত হৈছে। ঘটনাটো সংঘটিত হৈছে বিহাৰৰ ৰক্সৌলত।

শুকুৰবাৰে সন্ধিয়া ৰক্সৌলৰ ৰামগড়ৱা আৰক্ষী থানাৰ নাৰিগিৰ অঞ্চলৰ এটা ইটাভাটাত এই বিস্ফোৰণ সংঘটিত হয়। ঘটনাত ৭ জন শ্ৰমিকৰ মৃত্যু হৈছে।

লগতে পঢ়ক: ঋণ প্ৰদানত অনিয়মৰ অভিযোগ: আই.চি.আই.চি.আই বেংকৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী বিষয়া চন্দা কোছাৰক গ্ৰেপ্তাৰ

আহতৰ সংখ্যা এতিয়াও সঠিকভাৱে জানিব পৰা হোৱা নাই। অৱশ্যে, প্ৰাথমিকভাৱে ২৪ জন লোক আহত হোৱাৰ খবৰ পোৱা গৈছে। সংখ্যাটো আৰু বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে।

আনহাতে, প্ৰায় ২০ জন শ্ৰমিক সন্ধানহীন হৈছে। ঘটনাস্থলীলৈ উদ্ধাৰকাৰী দল, ১০ খন এম্বুলেন্স আৰু এখন অগ্নি নিৰ্বাপক গাড়ী প্ৰেৰণ কৰা হয়। ইতিমধ্যে সন্ধানহীন শ্ৰমিকসকলৰ সন্ধান আৰম্ভ কৰা হৈছে।

লগতে পঢ়ক: ছিকিমত ভয়াৱহ দুৰ্ঘটনা: পথৰ পৰা বাগৰি দ খাৱৈত পৰিল ভাৰতীয় সেনাৰ বাহন, ১৬ জোৱানৰ মৃত্যু

আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে আৰু বিস্ফোৰণৰ কাৰণ অনুসন্ধান কৰে। ইটাভাটাৰ চিমনিত সংঘটিত অগ্নিকাণ্ডৰ ফলতে বিস্ফোৰণ সংঘটিত হোৱা বুলি কোৱা হৈছে।  

Related News