• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

ঋণ প্ৰদানত অনিয়মৰ অভিযোগ: আই.চি.আই.চি.আই বেংকৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী বিষয়া চন্দা কোছাৰক গ্ৰেপ্তাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 23, 2022 10:55 pm
Chanda Kochhar
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিত্তীয় লেনদেনত অনিয়মত জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰৰ সন্মুখীন হৈছে আই.চি.আই.চি.আই বেংকৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী বিষয়া চন্দা কোছাৰ আৰু তেওঁৰ স্বামী দীপক কোছাৰ। আজি কেন্দ্ৰীয় তদন্তকাৰী সংস্থা চিবিআই- এ দুয়োগৰাকীকে গ্ৰেপ্তাৰ কৰে।

কোছাৰ আই.চি.আই.চি.আই বেংকৰ মুৰব্বী হৈ থকাৰ সময়ত ভিডিঅ’কন গ্ৰুপক প্ৰদান কৰা ৩ হাজাৰ কোটিতকৈ অধিক টকাৰ ঋণত অনিয়মৰ অভিযোগ উত্থাপন হৈছিল। ৫৯ বছৰীয়া চন্দা কোছাৰৰ বিৰুদ্ধে কনজিউমাৰ ইলেক্ট্ৰনিকছ আৰু তেল আৰু গেছ অন্বেষণ কোম্পানী ভিডিঅ’কন গ্ৰুপৰ পক্ষ লোৱাৰ অভিযোগ উত্থাপন হৈছিল।

Apply Now

এই অভিযোগৰ পাছতে কোছাৰে ২০১৮ চনৰ অক্টোবৰ মাহত আই.চি.আই.চি.আই বেংকৰ মুখ্য কাৰ্যবাহী আৰু মেনেজিং ডাইৰেক্টৰ পদ ত্যাগ কৰিছিল। আই.চি.আই.চি.আই- এ এবছৰৰ পাছত কোছাৰে বেংকৰ আচৰণ বিধি আৰু আভ্যন্তৰীণ নীতি উলংঘা কৰা বুলি অভিযোগ কৰিছিল।

২০১২ চনত ভিডিঅ’কন গ্ৰুপক ৩,২৫০ কোটি টকা ঋণ প্ৰদানৰ অভিযোগত চিবিআই- এ চন্দা কোছাৰৰ বিৰুদ্ধে অপৰাধমূলক ষড়যন্ত্ৰ আৰু প্ৰতাৰণা কৰাৰ অভিযোগ উত্থাপন কৰিছিল। এই লেনদেনৰ ফলত চন্দা কোছাৰৰ স্বামী দীপক কোছাৰ আৰু তেওঁৰ পৰিয়ালৰ সদস্যসকল লাভৱান হোৱাৰ অভিযোগ উত্থাপিত হৈছিল।

অভিযোগ অনুসৰি ভিডিঅ’কনৰ প্ৰাক্তন অধ্যক্ষ ভেনুগোপাল ধূটে ভিডিঅ’কন গ্ৰুপক আই.চি.আই.চি.আই বেংক ঋণ প্ৰদান কৰাৰ কেইমাহমানৰ পাছত দীপক কোছাৰে প্ৰতিষ্ঠা কৰা কোম্পানী ‘নুপাৱাৰ ৰিনিউৱেবলছ’ত কোটি কোটি টকা বিনিয়োগ কৰাৰ অভিযোগ উত্থাপন হৈছিল।

চিবিআইৰ অভিযোগ মতে চন্দা কোছাৰ সদস্য হিচাপে থকা এখন কমিটীয়ে ভিডিঅ’কন গ্ৰুপৰ বাবে এই ঋণ মুকলি কৰিছিল। চিবিআইৰ মতে কোছাৰে নিজৰ চৰকাৰী পদৰ অপব্যৱহাৰ কৰিছিল আৰু ভিডিঅ’কনক ৩০০০ কোটি টকা অনুমোদন দিয়াৰ বাবে ধূটৰ পৰা স্বামীৰ জৰিয়তে অবৈধ সুবিধা লাভ কৰিছিল।

অৱশ্যে উত্থাপিত এই অভিযোগ অস্বীকাৰ কৰি আহিছে চন্দা কোছাৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

July 6, 2026 8:23 pm
কিয় সফল নহ’ল চুপা চুপি?

কিয় সফল নহ’ল চুপা চুপি?

July 6, 2026 8:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd