মহাদেৱৰ জল অভিষেকৰ সময়তে দুৰ্ঘটনা; বিহাৰৰ সিদ্ধেশ্বৰনাথ মন্দিৰত পদপিষ্ট হৈ ৭ জন নিহত

ফটোঃ সংগ্ৰহীত।

বিহাৰৰ জেহানাবাদত সংঘটিত হৈছে এক মৰ্মান্তিক ঘটনা। শাওণ মাহৰ চতুৰ্থ সোমবাৰে মহাদেৱৰ জল অভিষেকৰ বাবে বিহাৰৰ সিদ্ধেশ্বৰনাথ মন্দিৰত ভক্তৰ সমাগম হয়। তাত ভিৰৰ হেঁচাত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু হয়। নিহতসকলৰ ভিতৰত ৫ গৰাকী মহিলা। ইয়াৰ উপৰিও আন ৩৫ জন লোক আহত হয়।

স্থানীয় সূত্ৰৰ পৰা জানিব পৰা মতে, শাওণ মাহৰ চতুৰ্থ সোমবাৰ উপলক্ষে দেওবাৰৰ নিশাৰ পৰাই সিদ্ধেশ্বৰনাথ মন্দিৰত ভক্তৰ সমাগম আৰম্ভ হয়। নিশা ১২:০০ বজাত ব্যাপক ভিৰ হয়। অতি কম সময়ৰ ভিতৰতে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰলৈ যায়। সেই চৌহদৰ পৰা ওলাই অহাৰ বাবে সৃষ্টি হোৱা দৌৰাদৌৰিত পদপিষ্ট হৈ ৭ জন লোকে প্ৰাণ হেৰুৱায়।

দুৰ্ঘটনাৰ খবৰ পাই জেহানাবাদ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দিবাকৰ কুমাৰ বিশ্বকৰ্মা ঘটনাস্থলীত উপস্থিত হয়। আৰক্ষী অধীক্ষক আৰু জিলা দণ্ডাধীশো সেই স্থানত উপস্থিত হয়। দুৰ্ঘটনাটোৰ কাৰণৰ তদন্ত অব্যাহত আছে। আহতসকলক উদ্ধাৰ কৰি স্থানীয় চিকিৎসালয়লৈ লৈ যোৱা হয়।

লগতে পঢ়কঃ পেৰিছত অন্তিম ইভেণ্টত স্বৰ্ণ জয়েৰে অলিম্পিকৰ পদক তালিকাত চীনক অতিক্ৰমি শীৰ্ষত আমেৰিকা

আৰক্ষী বিষয়া দিৱাকৰ বিশ্বকৰ্মাই জানিবলৈ দিয়া মতে, মৃত ৭ জনৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে। সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ হৈছে।

ইপিনে, ভক্তসকলেএই দুৰ্ঘটনাৰ বাবে কৰ্তৃপক্ষৰ অৱহেলাৰ ওপৰত আঙুলি টোৱাইছে। ইয়াত ভিৰ নিয়ন্ত্ৰণৰ দায়িত্ব এনচিচিৰ সদস্যৰ হাতত থকা বুলি তেওঁলোকে অভিযোগ উত্থাপন কৰে। ভিৰ নিয়ন্ত্ৰণ কৰিবলৈ ভক্তসকলৰ ওপৰত লাঠি ব্যৱহাৰ কৰিছিল। যাৰ বাবেই মন্দিৰ চৌহদত দৌৰাদৌৰি লাগিছিল। যাৰ ফলত এই মৰ্মান্তিক দুৰ্ঘটনা সংঘটিত হয়।

লগতে পঢ়কঃ অহা ১ ছেপ্টেম্বৰৰ পৰা ব্লেকলিষ্টেড হ’ব এইসমূহ চিম কাৰ্ড; প্ৰৱৰ্তন কৰা হৈছে ট্ৰাইৰ নতুন নিয়ম

এজন ভক্তই কয় যে লাঠিৰ আঘাতৰ পৰা হাত সাৰিবলৈ মানুহ দৌৰিবলৈ ধৰে। এই দুৰ্ঘটনাৰ বাবে দায়ী আৰক্ষী প্ৰশাসন। কিন্তু এছ ডি অ’ বিকাশ কুমাৰে এই ঘটনাক লাঠী চাৰ্জৰ বাবে বুলি মানি ল’বলৈ অস্বীকাৰ কৰে। তেওঁ দাবী কৰে যে সেয়া কেৱল এক দুৰ্ঘটনাহে আছিল। সমগ্ৰ ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।