বাংলাদেশত চলন্ত ৰে’লত অগ্নিকাণ্ডৰ ঘটনা; ৫ জনৰ মৃত্যু, বহু হতাহতৰ আশংকা

প্ৰতিনিধিত্বমূলক ফটো।

বাংলাদেশত পুনৰ চলন্ত ৰে’লত অগ্নিকাণ্ডৰ ঘটনা  সংঘটিত হৈছে। ঢাকা অভিমুখী বেনাপোল এক্সপ্ৰেছৰ কেইটামান ডবাত অগ্নিকাণ্ড সংঘটিত হয়। শুকুৰবাৰে নিশা গোপী বাগৰ কাঁচা বাজাৰৰ সন্মুখত কমলাপুৰ ষ্টেচনত প্ৰৱেশ কৰাৰ অলপ আগতে সংঘটিত হয় এই ঘটনা। বাতৰি অনুসৰি ৫ জন লোকৰ মৃত্যু হৈছে। বহু প্ৰচেষ্টাৰ অন্তত অগ্নিনিৰ্বাপক বাহিনীয়ে জুই নিৰ্বাপন কৰিছে।

বাংলাদেশ ৰে’লৱেৰ সূত্ৰ অনুসৰি বেনাপোলৰ পৰা যাত্ৰী লৈ ঢাকা অভিমুখে আহি আছিল বেনাপোল এক্সপ্ৰেছ। নিশা প্ৰায় ৯:০৫ বজাত গোপী বাগ অঞ্চলত চলন্ত ৰে’লখনত অগ্নিকাণ্ড সংঘটিত হয়। মুঠ ৩টা কম্পাৰ্টমেণ্টত অগ্নিকাণ্ড ঘটে। ইয়াৰ পিছতে চালকজনে ৰে’লখন মাজভাগত ৰখাই দিয়ে আৰু অগ্নিনিৰ্বাপক বাহিনীয়ে ততাতৈয়াকৈ সেই স্থানত উপস্থিত হৈ জুই নিৰ্বাপন কৰিবলৈ আৰম্ভ কৰে।

আৰক্ষীৰ মতে, চলন্ত ৰে’লৰ ডবাত অচিনাক্ত ব্যক্তিয়ে জুই লগাই দিয়াৰ অভিযোগ উত্থাপন হৈছে। প্ৰথম অৱস্থাত ইয়াক কূটাঘাতমূলক ঘটনা বুলি ধাৰণা কৰা হৈছে।

প্ৰথমতে স্থানীয় ৰাইজে ৰে’লখনত পানী ছটিয়াই জুই নুমুৱাবলৈ চেষ্টা কৰিছিল। তাৰ পিছতে ৭ খন অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী সেই স্থানত গৈ জুই নিৰ্বাপন কৰিবলৈ আৰম্ভ কৰে।

বাতৰি অনুসৰি, ৫টা অগ্নিদগ্ধ মৃতদেহ উদ্ধাৰ কৰা হৈছে। অৱশ্যে আৰক্ষী আৰু ৰে’ল বিভাগৰ বিষয়াসকলে হতাহতৰ সংখ্যা বৃদ্ধি পাব পাৰে বুলি আশংকা কৰিছে।

উল্লেখ্য যে বাংলাদেশৰ ৰাষ্ট্ৰীয় নিৰ্বাচন সমাগত। তাৰ আগতে ইটোৰ পিছত সিটো কূটাঘাতমূলক ঘটনাৰ বাবেই সমগ্ৰ দেশখন উত্তপ্ত হৈ পৰিছে। যোৱা মাহত ঢাকালৈ যোৱা মহনগঞ্জ এক্সপ্ৰেছত অগ্নিসংযোগ কৰা হৈছিল। সেই ঘটনাত শিশুসহ কমেও ৪ জন লোকৰ মৃত্যু হয়। তাৰপাছত পুনৰ ৰে’লত অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে।