NORTHEAST NOW (Assamese)

মহাৰাষ্ট্ৰৰ সাৰ কাৰখানাত বিস্ফোৰণ : বিষাক্ত এমোনিয়া গেছৰ বাবে প্ৰাণ গ’ল তিনিজন লোকৰ

November 22, 2024 6:57 pm · নৰ্থ ইষ্ট নাও, গুৱাহাটী

মহাৰাষ্ট্ৰৰ সাংলি জিলাৰ সাৰ কাৰখানাত সংঘটিত হৈছে ভয়ানক বিস্ফোৰণ। এই বিস্ফোৰণত নিৰ্গত হোৱা এমোনিয়াম গেছৰ বাবে দুগৰাকী মহিলাকে ধৰি মুঠ তিনিজন ব্যক্তিৰ মৃত্যু হয়।

জানিব পৰা মতে, এই বিস্ফোৰণৰ ফলত আহত হোৱা ৯ জন লোকক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে।

মৃত্যু হোৱা মহিলা দুগৰাকী শ্ৰমিক হোৱাৰ বিপৰীতে তৃতীয়গৰাকী আছিল উদ্যোগটোত কৰ্মৰত নিৰাপত্তাৰক্ষী।

সংবাদ সংস্থা পিটিআইৰ বাতৰি অনুসৰি জিলাখনৰ কাদেগাঁও তহচিলৰ ম্যানমাৰ কেমিকেল কোম্পানীত সংঘটিত হৈছিল এই ঘটনা।

সাৰ প্লাণ্টটোৰ এটা ৰিয়েক্টৰ বিস্ফোৰণ হৈ এমোনিয়াম নিৰ্গত হোৱা বুলি প্ৰতিবেদনত কোৱা হৈছে

Related News