• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ভাষণ দিবলৈ নহয়, ক’লা ধন বিলাবৰ বাবেহে ঝাৰখণ্ডত আছিল অসমৰ মুখ্যমন্ত্ৰী : ভূপেন বৰা

by
November 22, 2024 8:04 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আমেৰিকাৰ আদালতে উৎকোচৰ কেলেংকাৰিত অভিযুক্ত কৰা গৌতম আদানি কাণ্ডক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন কুমাৰ বৰাই৷

ভূপেন কুমাৰ বাৰই গুৱাহাটীৰ ৰাজীৱ ভৱনত সংবাদমেল সম্বোধন কৰি ভূপেন কুমাৰ বৰাই গৌতম আদানীক শীঘ্ৰে গ্ৰেপ্তাৰৰ দাবী উত্থাপন কৰে৷ এই কেলেংকাৰীত অভিযুক্ত গৌতম আদানী আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ গোপন সম্পৰ্ক থকা বুলি দাবী কৰি যুটীয়া সংসদীয় কমিটীৰ দ্বাৰা তদন্তৰ দাবী জনায়৷

Apply Now

প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই কয় যে আমেৰিকাৰ ছিকিউৰিটিজ এণ্ড এক্সচেঞ্জ কমিচনে গৌতম আদানিক ২০০০ হাজাৰ কোটি টকাৰ কেলেংকাৰিত অভিযুক্ত কৰিছে। উচ্চতম ন্যায়ালয়েও গৌতম আদানিৰ বিৰুদ্ধে তদন্তৰ নিৰ্দেশ দিছে। কিন্তু মুকলি আকাশৰ তলত আছে গৌতম আদানি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অতিকৈ ঘনিষ্ঠ হোৱাৰ বাবেই আদানিৰ বিৰুদ্ধে আইনগত ব্যৱস্থা লোৱা হোৱা নাই। আমেৰিকাই গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰা আৰু ন্যায়ালয়ৰ নিৰ্দেশৰ পাছতো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গৌতম আদানিৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰে৷ কিয়নো আদানি নৰেন্দ্ৰ মোদীৰ ঘনিষ্ঠ।

সৌৰ প্ৰকল্পৰ দ্বাৰা উৎপাদিত বিদ্যুৎ ক্ৰয়ৰ বাবে চৰকাৰক মেনেজ কৰিবলৈ গৌতম আদানীয়ে ৰাজ্যিক বিষয়াসকলক ২০০০ কোটি টকা উৎকোচ দিছিল বুলি উল্লেখ কৰি ভূপেন কুমাৰ বৰাই কয়, ‘‘আদানিৰে প্ৰত্যক্ষ লেন-দেন থকা বুলি আদালতত তথ্য থকা বুলি কোৱা হৈছে৷ কিন্তু এতিয়ালৈকে আদানিৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই। আদানিৰ টকাৰেই বিজেপিয়ে ৰাজ্যসমূহত চৰকাৰ ভঙা-পতা কৰে৷ বিভিন্ন ৰাজ্যৰ নিৰ্বাচনত সেই টকা ব্যয় কৰে।’

গৌতম আদানিৰ উৎকোচ কেলেংকাৰিত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাও জড়িত থকাৰ অভিযোগ উত্থাপন কৰি ভূপেন বৰাই কয় যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা সৰ্বকালৰ তথা দেশৰ সবাতকৈ বেছি দুৰ্নীতিগ্ৰস্ত মুখ্যমন্ত্ৰী। এইগৰাকী মুখ্যমন্ত্ৰীৰ গৌতম আদানিৰ সহযোগী কোম্পানী আজুৰ পাৱাৰৰ সৈতে সম্পৰ্ক আছে৷ কোম্পানীৰ আঁৰৰ মানুহজন গৌতম আদানী। অসমত আজুৰ গ্ৰুপে ৯০ মেগাৱাট সৌৰশক্তি প্ৰকল্প আৰম্ভ কৰিছে। লক্ষণীয় বিষয় যে পূৰ্বতেই আদানি গ্ৰুপৰ পৰা এক মেগাৱাট বিদ্যুৎ ক্ৰয় কৰাৰ বাবদ ২৫ লাখ টকা ঘোচ দিয়াৰ ঘটনা পোহৰলৈ আহিছিল। আনহাতে ২০২২ চনৰ ফেব্ৰুৱাৰী মাহত গৌতম আদানী অসমলৈ আহিছিল আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক লগ ধৰিছিল। ইয়াৰ পাছত ২০২২ চনৰ জুলাই মাহত আজুৰ গ্ৰুপে অসমত ৯০ মেগাৱাট সৌৰশক্তি প্ৰকল্পৰ কাম আৰম্ভ কৰিছিল। অসম চৰকাৰে আদানী গ্ৰীণ আৰু আজুৰ গ্ৰুপৰে চুক্তি কৰিছিল। চুক্তি অনুসৰি ২৫ বছৰৰ বাবে অসম শক্তি বিতৰণ কোম্পানী লিমিটেডে সৌৰশক্তি ক্ৰয় কৰিব। অৰ্থাৎ অসমৰ ৰাইজে ২৫ বছৰৰ বাবে আদানীৰ পৰা অধিক মূল্যত সৌৰশক্তি ক্ৰয় কৰিব লাগিব।

ভূপেন বৰাই অসমত আজুৰ গ্ৰুপৰ সৌৰশক্তি প্ৰকল্পক তদন্তৰ আওতালৈ অনাৰ দাবী জনায় কয় যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৈঠালাংছুত জনজাতি লোকৰ বসতি থকা ৭০০০ বিঘা ভূমি গৌতম আদানিক দিব বিচাৰিছে। চিমেণ্ট ফেক্টৰীৰ বাবে গৌতম আদানিক ভূমিখিনি দিব। অসমত আদানিৰ এই দুয়োটা দুৰ্নীতিৰ কংগ্ৰেছ দলে যুটীয়া সংসদীয় কমিটীৰ তদন্ত দাবী কৰে। আদানিক গ্ৰেপ্তাৰৰো দাবী জনায় প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে৷

ভূপেন কুমাৰ বৰাই ঝাৰখণ্ডত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰায় চাৰি মাহ ব্যস্ত থকা কাৰ্যক সমালোচনা কৰি হিমন্ত বিশ্ব শৰ্মাক পাৰ্ট টাইম মুখ্যমন্ত্ৰীও আখ্যা দিয়ে৷ মুখ্যমন্ত্ৰীয়ে অইন ৰাজ্যত মাহৰ পাছত মাহ ধৰি বহি আছে৷ ভাষণ দিবলৈ নহয়, অসমত দুৰ্নীতিৰে ঘটা ক’লা ধন নি তাত বিজেপিক জিকাবলৈ ব্যৱহাৰ কৰা হৈছে বুলি গুৰুতৰ অভিযোগ আনে বৰাই৷

ইফালে কাইলৈ ঘোষণা কৰিবলগীয়া উপ-নিৰ্বাচনৰ ফলাফলক লৈ যথেষ্ট আশাবাদী হৈ আছে বুলিও মন্তব্য কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে।

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd