NORTHEAST NOW (Assamese)

যোগী ৰাজ্যত আন এক চাঞ্চল্য: কেমেৰাৰ সন্মুখতে আৰক্ষীৰ উপস্থিতিত গুলীয়াই হত্যা গেংষ্টাৰ আতিক আহমেদ আৰু ভাতৃক

April 16, 2023 7:07 am · এন ই নাও নিউজ, গুৱাহাটী
Updated: April 16, 2023 10:18 am

যোগী আদিত্যনাথৰ উত্তৰ প্ৰদেশত শনিবাৰে সংঘটিত হৈছে আন এক চাঞ্চল্যকৰ ঘটনা। কালি নিশা প্ৰয়াগৰাজত আৰক্ষীৰ উপস্থিতিত কেমেৰাৰ সন্মুখতে গুলীয়াই হত্যা হৈছে গেংষ্টাৰলৈ আতিক আহমেদ আৰু তেওঁৰ ভাতৃ আশ্ৰফক।

দুয়োকে চিকিৎসা পৰীক্ষাৰ বাবে লৈ যোৱাৰ সময়তে এম এল এন মেডিকেল কলেজ চৌহদৰ সমীপত এই গুলীচালনা সংঘটিত হয়। গুলীচালনা সংঘটিত কৰা তিনিগৰাকী ব্যক্তিক লাভলেশ তিৱাৰী, ছানী আৰু অৰুণ মৌৰ্য বুলি চিনাক্ত কৰিছে আৰক্ষীয়ে।

ইতিমধ্যে উত্তৰ প্ৰদেশ আৰক্ষীয়ে তিনিওগৰাকী ব্যক্তিকে আটক কৰিছে। আৰক্ষীৰ তথ্য অনুসৰি ঘটনাৰ সময়ত মান সিং নামৰ এগৰাকী আৰক্ষী কনিষ্টবল সামান্য আঘাতপ্ৰাপ্ত হৈছে।

পুত্ৰ আছাদ আহমেদৰ শেষ ৰীতি-নীতিৰ কেইঘণ্টামান পিছতে গেংষ্টাৰ তথা প্ৰাক্তন সাংসদগৰাকীক হত্যা কৰা হয়। লক্ষণীয়ভাৱে বৃহস্পতিবাৰে ঝান্সীত সংঘটিত হোৱা এনকাউণ্টাৰত আতিক আহমেদৰ পুত্ৰ আছাদক হত্যা কৰা হৈছিল।

এই ঘটনাৰ পিছতে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে আৰক্ষী সঞ্চালক প্ৰধান আৰু অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধানকে ধৰি উত্তৰ প্ৰদেশ আৰক্ষীৰ উচ্চপদস্থ বিষয়াক চমন কৰে। মুখ্যমন্ত্ৰী আদিত্যনাথে এই ঘটনাৰ তদন্তৰ বাবে তিনিজনীয়া ন্যায়িক আয়োগ গঠনৰ নিৰ্দেশ দিয়ে।

ঘটনাৰ পাছতে প্ৰয়াগৰাজত হাই এলাৰ্ট জাৰি কৰা হৈছে। লগতে নিকটৱৰ্তী জিলাসমূহত ৰেপিড একচন ফৰ্চ (আৰ এ এফ)কে ধৰি অতিৰিক্ত বাহিনী মোতায়েন কৰা হৈছে। তদুপৰি ৰাজ্যৰ সকলো জিলাতে ফৌজদাৰী বিধি আইনৰ ১৪৪ ধাৰাত নিষেধাজ্ঞা আদেশ জাৰি কৰা হৈছে।

Related News