ৰাজপথতে লখিমপুৰ খেৰী হত্যাকাণ্ডৰ সাক্ষীৰ ভাতৃক আক্ৰমণ: অভিযুক্তৰ বিৰুদ্ধে গোচৰ ৰুজু

Lakhimpur Kheri Case

যোৱা বৰ্ষত উত্তৰ প্ৰদেশৰ লখিমপুৰ খেৰীত সংঘটিত কৃষক হত্যাকাণ্ডৰ এগৰাকী সাক্ষীৰ ভাতৃক ৰাজপথতে ভয়াৱহভাৱে আক্ৰমণ চলায় কিছু যুৱকে। শুকুৰবাৰে নিশা সংঘটিত হৈছে এই ঘটনা।

আহত সৰবজীত সিং যোৱা বৰ্ষৰ ৩ অক্টোবৰত লখিমপুৰত সংঘটিত হিংসাত্মক ঘটনাৰ সাক্ষী প্ৰভজীত সিঙৰ ভাতৃ বুলি জানিব পৰা গৈছে।

ঘটনা সন্দৰ্ভত সৰবজীতে দাখিল কৰা এজাহাৰত অভিযোগ কৰে যে টিকুনীয়া চহৰত তেওঁৰ এগৰাকী বন্ধুৱে আয়োজন কৰা এক অনুষ্ঠানত অংশগ্ৰহণ কৰি ঘৰলৈ উভতাৰ পথতে তেওঁৰ ওপৰত এই আক্ৰমণ সংঘটিত হয়।

বিকাশ চাওলা নামৰ এগৰাকী যুৱকে লগত কেইগৰাকীমান যুৱকৰ সৈতে তেওঁক চোকা অস্ত্ৰৰে আক্ৰমণ কৰে বুলি সৰবজীতে অভিযোগত উল্লেখ কৰিছে।

সৰবজীতৰ অভিযোগৰ আধাৰত আৰক্ষীয়ে আইপিচিৰ ৩০৭ ধাৰাৰ অধীনত গোচৰ ৰুজু কৰিছে বুলি জানিব পৰা গৈছে। লগতে অভিযুক্তৰ বিৰুদ্ধে আইনী প্ৰক্ৰিয়া অব্যাহত আছে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

লখিমপুৰ খেৰীৰ আৰক্ষী অধীক্ষক সঞ্জীৱ সুমনে এক বিবৃতিত অৱশ্যে খেৰী কাণ্ডৰ সৈতে এই ঘটনাৰ কোনো সম্পৰ্ক নাই বুলি উল্লেখ কৰিছে। অধিক তদন্ততহে অৱশ্যে এই ঘটনাৰ মূল কাৰণ জানিব পৰা যাব।