লখিমপুৰ খেৰী কাণ্ডক হিন্দু বনাম শিখ যুদ্ধলৈ পৰিণত কৰাৰ চেষ্টা!

Varun Gandhi on Lakhimpur Kheri Case

বিজেপি সাংসদ বৰুণ গান্ধীয়ে দেওবাৰে এক বিস্ফোৰক মন্তব্য প্ৰকাশ কৰিছে।

লখিমপুৰ খেৰী হত্যাকাণ্ডক হিন্দু বনাম শিখ যুদ্ধলৈ পৰিণত কৰাৰ চেষ্টা কৰা হৈছে বুলি বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে বৰুণ গান্ধীয়ে।

এনে প্ৰচেষ্টাক অনৈতিক আৰু বিপদজনক বুলি অভিহিত কৰি গান্ধীয়ে ৰাজনৈতিক দলসমূহক ক্ষুদ্ৰ ৰাজনৈতিক লাভক ৰাষ্ট্ৰীয় ঐক্যৰ ওপৰত নৰাখিবলৈ আহ্বান জনায়।

“লখিমপুৰ খেৰী কাণ্ডক হিন্দু বনাম শিখ যুদ্ধলৈ পৰিৱৰ্তন কৰাৰ প্ৰয়াস কৰা হৈছে। এইটো কেৱল এক অনৈতিক আৰু মিছা আখ্যানেই নহয়, এই ত্ৰুটিবোৰে সৃষ্টি কৰা বিপদজনক আঘাত আৰোগ্য হ’বলৈ এটা প্ৰজন্ম ল’ব। আমি ক্ষুদ্ৰ ৰাজনৈতিক লাভালাভক ৰাষ্ট্ৰীয় ঐক্যৰ উৰ্ধত ৰাখিব নালাগে।” দেওবাৰে সাংসদ গান্ধীয়ে টুইট কৰে।

সাংবাদিকৰে হোৱা বাৰ্তালাপত বৰুণ গান্ধীয়ে দেওবাৰে কয় “লখিমপুৰত ন্যায়ৰ সংগ্ৰাম হৈছে এক স্থানীয় অভিজাত লোকৰ নিষ্ঠুৰ গণহত্যাৰ বিৰুদ্ধে। ইয়াৰ কোনো ধৰ্মীয় অৰ্থ নাই।”

তেওঁ লগতে কয়, “প্ৰতিবাদকাৰী কৃষকসকলক বৰ্ণনা কৰিবলৈ খলিস্তানি শব্দটো তীৰ্যকভাৱে ব্যৱহাৰ কৰাটো কেৱল এই কৃষকসকলৰ বাবে অপমানেই নহয়, যদি ই ভুল ধৰণৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে তেন্তে ই আমাৰ ৰাষ্ট্ৰীয় ঐক্যৰ বাবেও অত্যন্ত বিপদজনক।”

উল্লেখ্য যে লখিমপুৰ খেৰী কাণ্ডৰ বিৰোধিতা কৰাৰ পিছতে বৰুণ গান্ধী আৰু মানেকা গান্ধীক বিজেপিৰ নতুন ৰাষ্ট্ৰীয় কাৰ্যকৰী সমিতিৰ পৰা বাদ দিয়া হৈছিল।

বৰুণক বাদ দিয়াৰ কেইঘণ্টামান পিছতে তেওঁ লখিমপুৰ খেৰীত সংঘটিত ঘটনাক পুনৰ গৰিহণা দিছিল।

গান্ধীয়ে লখিমপুৰ খেৰী ঘটনাত চাৰিজন কৃষকৰ মৃত্যুত জড়িত সকলৰ বিৰুদ্ধে হত্যাৰ গোচৰ ৰুজু কৰিবলৈ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথলৈও পত্ৰ লিখিছিল।

গান্ধীয়ে লখিমপুৰ খেৰীত সংঘটিত ঘটনাৰ সমালোচনা কৰি আহিছে, কৃষকসকলৰ মৃত্যুৰ সৈতে জড়িত লোকসকলক গৰিহণা দিছে আৰু চৰকাৰক ইয়াৰ দৃষ্টিভংগীত দায়বদ্ধ হ’বলৈ আহ্বান জনাইছে।

লখিমপুৰ খেৰীৰ প্ৰতিবাদী কৃষকক “খলিস্তানী” বুলি বিদ্ৰূপ কৰা বিজেপি নেতাৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি গান্ধীয়ে সতৰ্ক কৰি দিছিল যে সংগ্ৰামকাৰী কৃষকসকলৰ বিৰুদ্ধে নিৰাশাজনক আৰু অৱমাননামূলক ভাষা ব্যৱহাৰ কৰাটো অন্যায় আৰু নিষ্ঠুৰ। ইয়াৰ ফলত এই মুহূৰ্তত অতি শান্তিপূৰ্ণ প্ৰক্ৰিয়াৰে প্ৰতিবাদ কৰা লোকসকলৰ মাজত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিব পাৰে।

বৰুণ গান্ধীয়ে মন্তব্য কৰে যে, “এইটো অত্যন্ত দুৰ্ভাগ্যজনক আৰু ই দেশৰ বাবেও বিপদজনক। কিয়নো সংগ্ৰামকাৰী কৃষকসকলে কি কৈছে বুজি পোৱাৰ পৰিৱৰ্তে আমি তেওঁলোকৰ বাবে বিৰক্তিকৰ ভাষা ব্যৱহাৰ কৰা আৰম্ভ কৰিব নোৱাৰো।”

ইয়াৰ আগতেও বৰুণ গান্ধীয়ে বিতৰ্কিত কৃষি আইনৰ বিৰুদ্ধে প্ৰতিবাদ কৰি অহা কৃষকসকলৰ সমৰ্থনত ওলাই আহিছিল। তেওঁ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথলৈ দুখীয়া আৰু আন্দোলনকাৰী কৃষকসকলৰ বাবে সাহাৰ্য্যৰ ব্যৱস্থা বিচাৰি চিঠি লিখিছিল।