NORTHEAST NOW (Assamese)

তামুলপুৰত যুৱকক চোকা অস্ত্ৰেৰে ঘপিয়াই হত্যাৰ চেষ্টা

July 11, 2019 7:44 am · দীপক কুমাৰ পাঠক

বাক্সা জিলাৰ তামুলপুৰ আৰক্ষী থানাৰ অন্তৰ্গত নাগ্ৰীজুলি উন্নয়ন খণ্ডৰ অধীনৰ কাউলীৰ পাহাপুৰত বুধবাৰে  নিশা এজন যুৱকক কোনো  অচিনাক্ত দুৰ্বৃত্তই চোকা অস্ত্ৰেৰে ঘপিয়াই হত্যা কৰাৰ চেষ্টা কৰা ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

জানিব পৰা মতে ভাৰত-ভূটান সীমান্তৰ কাউলী পাহাৰপুৰ নিবাসী এডৱাৰ্ড কিস্কুৰ একমাত্ৰ পুত্ৰ হেলাৰুছ কিস্কু (৩০)ক  অচিনাক্ত দুৰ্বৃত্তই  বুধবাৰে নিশা প্ৰায় ৭.৪৫ বজাত নিজৰ ঘৰৰ সম্মুখতে ডিঙি আৰু শৰীৰৰ কেইবা ঠাইতো চোকা অস্ত্ৰেৰে ঘপিয়াই পেলাই থৈ তাৰ পৰা পলাই যায়।

পিছত স্থানীয় কেইজনমান লোকে হেলাৰুছক তেজেৰে লুতুৰী-পুতুৰী হৈ  সংকটজনক অৱস্থাত উদ্ধাৰ কৰি প্ৰথমে তামুলপুৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ লৈ আনে। অৱশ্যে তামুলপুৰত তেওঁক প্ৰাথমিক চিকিৎসা প্ৰদান কৰা হয় যদিও পিছত চিকিৎসকৰ পৰামৰ্শ মতে উন্নত চিকিৎসাৰ বাবে তেওঁক গুৱাহাটী মেডিকেল কলেজ হাস্পাতাললৈ লৈ যোৱা হয়।

বাতৰি লিখা সময়লৈকে কোনে কি কাৰণত হেলাৰুছক চোকা অস্ত্ৰেৰে ঘপিয়াই হত্যাৰ চেষ্টা কৰিছিল সেয়া জানিব পৰা হোৱা নাই।  আৰক্ষীৰ তদন্তৰ পিছত ঘটনাৰ প্ৰকৃত ৰহস্য উদ্ঘাটন হ’ব তেওঁৰ পৰিয়াল তথা স্থানীয় লোকে বাট চাই আছে।

Related News