• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 26, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অসমৰ পৰা কৰ্ণাটকলৈ সোঁত বৈছে অবৈধ বাংলাদেশীৰ!

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , July 11, 2019 8:43 am

1 min read

5c11fcbd2400004b06588d9f

ইণ্টাৰনেটৰ পৰা সংগৃহীত প্ৰতিনিধিত্বমূলক চিত্ৰ

1.6k
VIEWS
Share on FacebookShare on Twitter

অসমত চলি থকা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী চমুকৈ এন আৰ চি উন্নীতকৰণৰ প্ৰক্ৰিয়াই বিৰূপ প্ৰভাৱ পেলাইছে কৰ্ণাটকত। জনগাঁথনিৰ লগতে ৰাজ্যখনত অৰ্থনৈতিক ক্ষেত্ৰতো পৰিছে বিৰূপ প্ৰভাৱ। এই অভিযোগ উত্থাপন কৰিছে কৰ্ণাটকৰ বিজেপি সাংসদ তেজস্বী সূৰ্যই।

বুধবাৰে লোকসভাৰ শূণ্যকালত দক্ষিণ বেংগালুৰুৰ সাংসদজনে কয় যে এন আৰ চিৰ কাম চলি থকা বাবে অসমৰ অবৈধ বাংলাদেশী সকলে এতিয়া আশ্ৰয় লৈছে কৰ্ণাটকত। আনকি কৰ্ণাটকৰ উপৰি দেশৰ বিভিন্ন প্ৰান্তত বাংলাদেশী সকলে ভোটাৰ পৰিচয়পত্ৰৰ লগতে আধাৰ কাৰ্ডো সংগ্ৰহ কৰিছে। সেয়ে এই বিষয়টোত গভীৰ উদ্বেগ প্ৰকাশ কৰি সাংসদজনে গৃহ মন্ত্ৰী অমিত শ্বাহৰ হস্তক্ষেপ বিচাৰিছে।

ইয়াৰ উপৰি কৰ্ণাটকত এতিয়া ৪০ হাজাৰ অবৈধ বাংলাদেশীয়ে বাহৰ পাতিছে বুলি সাংসদজনে লোকসভাৰ মজিয়াত চাঞ্চল্যকৰ তথ্য দাঙি ধৰে। তদুপৰি কয় যে এই সকল লোকে এতিয়া দেশৰ আভ্যন্তৰীণ নিৰাপত্তালৈ ভাবুকি কঢ়িয়াই অনাৰ উপৰি কিছু কিছু অঞ্চলত জনগাঁথনি সলনি হোৱাৰ লগতে অৰ্থনীতিতো প্ৰভাৱ পেলোৱা আৰম্ভ কৰিছে।

সাংসদ গৰাকীয়ে প্ৰকাশ কৰা অনুসৰি বহু অবৈধ লোকক কৰ্ণাটক আৰক্ষীয়ে আটক কৰিছে। ইয়াৰে একাংশ বাংলাদেশী মৌলবাদী সংগঠনৰ সৈতে জড়িত বুলিও সদনৰ মজিয়াত চাঞ্চল্যকৰ তথ্য আগবঢ়ায়।

সেয়ে সাংসদ সূৰ্যই দেশৰ সুৰক্ষা তথা নিৰাপত্তাৰ স্বাৰ্থত কৰ্ণাটকৰ লগতে সমগ্ৰ দেশতে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ কাম আৰম্ভ কৰিব লাগে বুলি গৃহ মন্ত্ৰী অমিত শ্বাহক আহ্বান জনাইছে।

Recent News

Bokakhat republic day

ৰাষ্ট্ৰৰ লগতে বোকাখাততো ৭২ সংখ্যক গণৰাজ্য দিৱস উদযাপন; বিভিন্ন জনক সম্বৰ্ধনা

বেৰিকেড ভাঙি দিল্লীত প্ৰৱেশ কৃষকৰ, প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীৰ কন্দুৱা গেছ, লাঠীচালনা

বেৰিকেড ভাঙি দিল্লীত প্ৰৱেশ কৃষকৰ, প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীৰ কন্দুৱা গেছ, লাঠীচালনা

Republic day parade in delhi

গণৰাজ্য দিৱসত দিল্লীৰ ৰাজপথত ব্ৰাহ্মছ-তেজস, আকাশ মাৰ্গত ৰাফেলৰ শক্তি প্ৰদৰ্শন

কোটিপতিৰ সংখ্যাৰে অসম বিধানসভাত একক সংখ্যা গৰিষ্ঠ বিধায়ক

কোটিপতিৰ সংখ্যাৰে অসম বিধানসভাত একক সংখ্যা গৰিষ্ঠ বিধায়ক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd