হৰিদ্বাৰ ধৰ্ম সংসদ আয়োজকৰ বিৰুদ্ধে অৱমাননাৰ গোচৰ প্ৰক্ৰিয়াৰ অনুমতি এটৰ্নি জেনেৰেলৰ

Haridwar hate speech

হৰিদ্বাৰৰ ধৰ্ম সংসদ অনুষ্ঠানৰ আয়োজক য়াতি নৰসিংহনন্দৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ বিষয়ে বিৰূপ মন্তব্যৰ বাবে অপৰাধমূলক অৱমাননাৰ প্ৰক্ৰিয়া আৰম্ভ কৰাৰ অনুমতি দিছে ভাৰতৰ এটৰ্নি জেনেৰেলে।

এটৰ্নি জেনেৰেল কে কে বেণুগোপালে কয় যে তেওঁ য়াতি নৰসিংহনন্দৰ বিৰুদ্ধে উপস্থাপন কৰা বিষয়বোৰ পৰ্যালোচনা কৰিছে। য়াতি নৰসিংহনন্দৰ “উচ্চতম ন্যায়ালয় আৰু সেনাবাহিনীক যি বিশ্বাস কৰিব সকলোৱে কুকুৰৰ দৰে মৃত্যু বৰণ কৰিব” শীৰ্ষক মন্তব্য উচ্চতম ন্যায়ালয়ৰ কৰ্তৃত্ব হ্ৰাস কৰাৰ পোনপটীয়া প্ৰয়াস বুলি বিবেচনা কৰে এটৰ্নি জেনেৰেলে।

এইয়া নিশ্চিতভাৱে ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ অৱমাননা বুলি গণ্য কৰি এটৰ্নি জেনেৰেল বেণুগোপালে আইনজীৱী-কৰ্মী চাচী নেলীয়ে অৱমাননাৰ গোচৰ প্ৰক্ৰিয়া আৰম্ভ কৰাৰ অনুমতি বিচৰা অনুৰোধৰ প্ৰতি সঁহাৰি জনায়।

উল্লেখ্য যে যোৱা মাহত উত্তৰাখণ্ডৰ হৰিদ্বাৰত অনুষ্ঠিত বিতৰ্কিত ধৰ্ম সংসদৰ মূল আয়োজক আছিল য়াতি নৰসিংহনন্দ। এই অনুষ্ঠানত মুকলিকৈ মুছলমানসকলৰ গণহত্যাৰ আহ্বান জনাইছিল বহুকেইজন হিন্দুত্ববাদী নেতাই।

বক্তাসকলৰ এনে ঘৃণনীয় আৰু নিকৃষ্ট মন্তব্যৰ পাছতো য়াতি নৰসিংহনন্দই তেওঁলোকে একো ভুল কৰা নাছিল বুলি মন্তব্য কৰিছিল।

এই অনুষ্ঠানৰ বিৰুদ্ধে প্ৰবল প্ৰতিক্ৰিয়াৰ পিছতো কোনো ব্যৱস্থা গ্ৰহণ কৰা নাছিল প্ৰশাসনে। অৱশেষত উচ্চতম ন্যায়ালয়ৰ হস্তক্ষেপৰ পাছত এমাহ পাছত অভিযুক্ত এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে।

ইয়াৰ পিছত যোৱা সপ্তাহত যতী নৰসিংহানন্দক গ্ৰেপ্তাৰ কৰা হৈছিল। পিছত আন এটা পৃথক গোচৰৰ সন্দৰ্ভতহে তেওঁক আটক কৰা হৈছিল বুলি পোহৰলৈ আহিছিল।

অৱশ্যে দুদিন পিছত তেওঁক হৰিদ্বাৰ ঘৃণামূলক ভাষণ গোচৰতো ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছিল।