কৰ’না আতংক; ৩১ মাৰ্চলৈ চাহ বাগিচা বন্ধ ৰখাৰ দাবী আটছাৰ

ক্ষুদ্ৰ চাহ বাগিচা

ভাৰতত কৰ’না ভাইৰাছ আতংকৰ বাবে প্ৰায়বোৰ ৰাজ্যত ৩১ মাৰ্চলৈ সকলো বিদ্যালয়, মহাবিদ্যালয়ৰ লগতে বিভিন্ন কাৰ্য্যালয় বন্ধ ৰখাৰ বাবে চৰকাৰে নিৰ্দেশ দিয়াৰ পাছত অসম চাহ জনগোষ্ঠী ছাত্ৰ সন্থাই ৰাজ্যৰ সকলো চাহ বাগিচা ৩১ মাৰ্চ পৰ্যন্ত বন্ধ ৰখাৰ দাবী জনাইছে।

অসম চৰকাৰে দেওবাৰৰ পৰা ৰাজ্যৰ সকলো শিক্ষা প্ৰতিষ্ঠান, চলচ্চিত্ৰগৃহ, জিম, চুইমিং পুল ৩১ মাৰ্চলৈ বন্ধ ৰখাৰ নিৰ্দেশ দিয়াৰ পাছত আটছাই চাহ বাগিচা সমূহো ৩১ মাৰ্চলৈ বন্ধ ৰখাৰ বাবে দাবী জনাইছে।

‘‘কৰ’না ভাইৰাছে ৰাজ্যৰ লাখ লাখ চাহ বাগিচা কৰ্মী সকলৰ জীৱনলৈ সংকট মাটি আনিব পাৰে। তেওঁলোকে চাহ বাগিচাত ১ মিটাৰতকৈ কম দূৰত্বত থাকি চাহ পাত তোলে যিটো তেওঁলোকৰ বাবে ভয়াবহ,’’ আটছাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ধীৰাজ গোৱালাই কয়।

‘‘চাহ বাগিচাৰ কৰ্মীসকলে এই ভাইৰাছৰ দ্বাৰা অধিক আক্ৰান্ত হ’ব পাৰে। আমি চাহ বাগিচাৰ পৰিচালক আৰু কৰ্মী সকলক চাহ বাগিচা সমূহ বন্ধ ৰখাৰ বাবে দাবী জনাইছো যাতে চাহ কৰ্মীসকলৰ সুৰক্ষা নিশ্চিত হয়,’’ গোৱালাই লগতে কয়।

আটছাই ৰাজ্যিক শ্ৰমিক আৰু চাহ জনগোষ্ঠী উন্নয়ন মন্ত্ৰী সঞ্জয় কিশানক চাহ বাগিচা অঞ্চলত কোভিদ-১৯ প্ৰতিৰোধৰ বাবে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰাৰ বাবেও আবেদন জনায়।

অসমত বৰ্তমান সময়ত ৮০৩ খন পঞ্জীয়নভূক্ত চাহ বাগিচাত প্ৰায় ১.১ মিলিয়ন শ্ৰমিকে কাম কৰি আছে।