NORTHEAST NOW (Assamese)

জুবিন গাৰ্গক কৃষি বিভাগৰ নহয় কৃষি খণ্ডৰহে ব্ৰেণ্ড এম্বেচাদৰ হ’বৰ বাবে কোৱা হৈছিল; বোকাখাতত অতুল বৰাৰ মন্তব্য

September 9, 2020 1:27 pm · উত্তম শইকীয়া

বোকাখাতৰ বাসগৃহত মংগলবাৰে নিশা এখন সংবাদ মেলত জুবিন গাৰ্গক কৃষি বিভাগৰ নহয় কৃষি খণ্ডৰহে ব্ৰেণ্ড এম্বেচাদৰ হ’বৰ বাবে কোৱা বুলি মন্তব্য কৰে কৃষি মন্ত্ৰী অতুল বৰাই ৷

“জুবিন গাৰ্গক আমি কৃষি বিভাগৰ ব্ৰেণ্ড এম্বেচাডৰ হ’বৰ বাবে কোৱা নাছিলো ৷ জুবিন নিজেই এক এম্বেচাডৰ ৷ তেওঁক আমি কৃষি খণ্ডৰ ব্ৰেণ্ড এম্বেচাডৰ হ’বলৈহে কৈছো ৷ বিভাগ আৰু খণ্ডৰ মাজত পাৰ্থক্য আছে ৷ অসমৰ ৰাইজে কথাটো ভুলকৈ বুজিছে” অতুল বৰাই এইদৰে কয় ৷

গুৱাহাটী নিম্ন আদালতে অগপৰ অধিৱেশনক লৈ দিয়া ৰায় সম্পৰ্কত অতুল বৰাই এতিয়াও তেনে একো জাননী ন্যায়লয়ৰ পৰা পোৱা নাই বুলি মন্তব্য কৰাৰ লগতে এই প্ৰসংগত প্ৰয়োজন হলে উচ্চ ন্যায়লয়ৰ কাষ চাপিব বুলিও মন্তব্য কৰে ৷

সদৌ অসম ছাত্ৰ সন্থা , কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নতুন দল সম্পৰ্কত সাংবাদিকৰ প্ৰশ্নৰ বিপৰীতে অতুল বৰাই ৰাইজে অগপক আকোৱালি ল’ব বুলি মন্তব্য কৰে ৷ বৰাই লগতে অহা বিধান সভা নিৰ্বাচনত মিত্ৰতা অটুত থাকিব বুলি কৈ বোকাখাতৰ পৰাই তেওঁ প্ৰতিদ্বন্দ্বিতা কৰিব বুলি জনায় ৷ অৱশ্যে মুখ্য মন্ত্ৰী কোন হ’ব এই সম্পৰ্কত মন্তব্য কৰাৰ পৰা বিৰত থাকে  অতুল বৰা  ৷

আগন্তুক নিৰ্বাচনত  অগপ দলে পূৰ্বতকৈ বেছি আসন পাব বুলি মন্তব্য কৰি অতুল বৰাই এতিয়াও আসন সম্পৰ্কত বিজেপিৰে আলোচনা হোৱা নাই বুলি কয় ৷ লগতে গোলাঘাটত অগপৰ হৈ গৰিমা গাৰ্গে প্ৰতিদ্বন্দিতা কৰিবনে নাই সেই সম্পৰ্কতো মন্তব্য দিয়াৰ পৰা আঁতৰি থাকে ৷

ইফালে বোকাখাতত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ  পৰিষদৰ লগতে গোৰ্খা ছাত্ৰ সন্থা আৰু কংগ্ৰেছৰ দলৰ মুঠ ২৪ গৰাকী বিষয়ববীয়াই মংগলবাৰে নিশা আনুষ্ঠানিকভাৱে অসম গন পৰিষদ দলত যোগদান কৰে ৷ অতুল বৰাৰ বাসগৃহত কৃষি মন্ত্ৰী গৰাকীৰ উপস্থিতিত অনুস্থিত এই যোগদান কাৰ্যসূচীত অগপ দলৰ পতাকাৰে যোগদান কৰা সকলক দললৈ স্বাগতম জনাই অতুল বৰাই ৷

Related News