• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মাধুৰীক লৈ পাঠশালাত উছাহৰ বন্যা : প্রস্তুতিৰ দুর্দান্ত অভিনয়ত মোহাচ্ছন্ন দৰ্শক

শশাংক তালুকদাৰ by শশাংক তালুকদাৰ
August 24, 2018 12:52 pm
Madhuri Mor Nam (2)

মাধুৰী মোৰ নাম উপভোগ কৰি মোহাচ্ছন্ন দৰ্শক। ফটো : নৰ্থইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সম্প্রতি ‘মাধুৰী মোৰ নাম’ক লৈ সমগ্র বজালী অঞ্চলত উঠিছে উছাহৰ বন্যা। প্রস্তুতি পৰাশৰৰ দুর্দান্ত ৰূপত পুনৰ মোহাচ্ছন্ন হ’ল ভ্রাম্যমাণৰ দর্শক। উৎকট গৰম। হাতত শীতল পানী আৰু বিচনী লৈ আৱাহনৰ প্রেক্ষাগৃহত অগণন দর্শক। সন্মুখত অভিজিত ভট্টাচাৰ্যৰ ‘মাধুৰী মোৰ নাম’।

দৃশ্যাংশৰ মাজে মাজে দর্শকৰ হাত চাপৰি। তাৰ বাহিৰে প্রেক্ষাগৃহত টু’ শব্দ এটাও নাই। বিমুগ্ধ নয়নে দর্শকে পান কৰিছে প্রস্তুতিৰ সেই মোহনীয় অভিনয়। ক্ষণিকৰ বাবে দর্শকে পাহৰি গৈছে প্রচণ্ড গৰমৰ কথা। ঘামত তিতি গৈছে দর্শকৰ শৰীৰ। এয়া পাঠশালাৰ কথা।

madhuri mor nam
অন্য ৰূপত এইবাৰ অভিনেত্ৰী প্ৰস্তুতি পৰাশৰ।

চর্চাত আছিল এই বৰ্ষৰ আৱাহন থিয়েটাৰে মঞ্চস্থ কৰা নাট্যকাৰ অভিজিত ভট্টাচাৰ্যৰ মাধুৰী মোৰ নাম’ নাটখন। চৰ্চাৰ পম খেদি দর্শক উপৱিষ্ট হৈছিল প্রেক্ষাগৃহৰ আসনত। সাম্প্রতিক সময়ৰ এক গুৰুত্বপূর্ণ স্পর্শকাতৰ বিষয়কলৈ ৰচনা কৰা ‘মাধুৰী মোৰ নাম’ নাটখনৰ কাহিনীয়ে যেন দর্শকক বহু কথাই শিকালে।

যোৱা বৰ্ষৰ ‘মই মাৰ ছোৱালী’ নাটখনে সমগ্ৰ ৰাজ্যত সৃষ্টি কৰা জনপ্রিয়তাৰ ঢৌ মাৰ নৌযাওতেই যে আৱাহনৰ মঞ্চত সৃষ্টি হ’ল জনপ্রিয়তাৰ আন এক চুনামি। যি চুনামিত উটি ভাহি ফুৰিল ভ্রাম্যমাণৰ হেজাৰ হেজাৰ দর্শক। কি অভিনয়, কি টেকনিক। কি নাচ-গান কি ছেট ডিজাইন। সকলোতে যেন এক যাদুকৰী স্পর্শ।

এটা নহয়, দুটা গেট আপত প্রস্তুতিয়ে কৰা মর্মস্পর্শী অভিনয়ে এক আলোড়ন সৃষ্টি কৰিলে পাঠশালাত। সমগ্ৰ বজালী অঞ্চলত এতিয়া মাথোঁ মাধুৰী আৰু মাধুৰী। প্রস্তুতিৰ এই অদমনীয় অভিনয়ত তেওঁক সহায় কৰিলে জেফি বক্সি, জয়ন্ত দাস, বিপুল বৰা, প্রয়াসী পৰাশৰ, মৃণালদ্বীপ গোস্বামী, ৰিতুৰাজ মহন্তৰ লেখিয়া ভ্রাম্যমাণৰ কিছু প্রতিভাসম্পন্ন শিল্পীয়ে।

নাটখনৰ জনপ্রিয়তাত ইন্ধন যোগাইছে অজয় ফুকনে সংগীতেৰে সজোৱা ‘ক’ত মোৰ মা’ শীর্ষক জুবিন গাৰ্গে কণ্ঠদান কৰা গীতটিয়েও।

শশাংক তালুকদাৰ

শশাংক তালুকদাৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মানসিক বিষণ্ণতাত ভুগিছে পৃথিৱীৰ ১০০ কোটি মানুহ! বিশ্ব স্বাস্থ্য সংস্থাৰ প্ৰতিবেদনত উদ্বেগ

মানসিক বিষণ্ণতাত ভুগিছে পৃথিৱীৰ ১০০ কোটি মানুহ! বিশ্ব স্বাস্থ্য সংস্থাৰ প্ৰতিবেদনত উদ্বেগ

September 7, 2025 7:15 am
ফেচবুকলৈ ঘূৰি আহিছে এক দশক পুৰণি জনপ্ৰিয় বৈশিষ্ট্য! নষ্টালজিয়া ঘূৰি আহিবনে?

ফেচবুকলৈ ঘূৰি আহিছে এক দশক পুৰণি জনপ্ৰিয় বৈশিষ্ট্য! নষ্টালজিয়া ঘূৰি আহিবনে?

September 7, 2025 6:30 am
ইউনিফাইড ডিষ্ট্ৰিক্ট ইনফৰ্মেশ্যন ছিষ্টেম ফৰ এডুকেশ্যন প্লাছ ২০২৪-২৫ৰ প্ৰতিবেদন ! অসমত হ্ৰাস পাইছে আধাতে বিদ্যালয় ত্যাগৰ হাৰ…  

ইউনিফাইড ডিষ্ট্ৰিক্ট ইনফৰ্মেশ্যন ছিষ্টেম ফৰ এডুকেশ্যন প্লাছ ২০২৪-২৫ৰ প্ৰতিবেদন ! অসমত হ্ৰাস পাইছে আধাতে বিদ্যালয় ত্যাগৰ হাৰ…  

September 6, 2025 9:31 pm
অনুপ্ৰৱেশ-বিদেশী (ৰেহাই) নিৰ্দেশ ২০২৫-ৰ দ্বাৰা বিজেপি দলে অসমৰ বঙালী সমাজকো অপমান কৰাৰ লগতে আঘাত দিয়াটো গৰিহণাৰ যোগ্য : গৌৰৱ গগৈ

অনুপ্ৰৱেশ-বিদেশী (ৰেহাই) নিৰ্দেশ ২০২৫-ৰ দ্বাৰা বিজেপি দলে অসমৰ বঙালী সমাজকো অপমান কৰাৰ লগতে আঘাত দিয়াটো গৰিহণাৰ যোগ্য : গৌৰৱ গগৈ

September 6, 2025 9:25 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মানসিক বিষণ্ণতাত ভুগিছে পৃথিৱীৰ ১০০ কোটি মানুহ! বিশ্ব স্বাস্থ্য সংস্থাৰ প্ৰতিবেদনত উদ্বেগ

মানসিক বিষণ্ণতাত ভুগিছে পৃথিৱীৰ ১০০ কোটি মানুহ! বিশ্ব স্বাস্থ্য সংস্থাৰ প্ৰতিবেদনত উদ্বেগ

September 7, 2025 7:15 am
ফেচবুকলৈ ঘূৰি আহিছে এক দশক পুৰণি জনপ্ৰিয় বৈশিষ্ট্য! নষ্টালজিয়া ঘূৰি আহিবনে?

ফেচবুকলৈ ঘূৰি আহিছে এক দশক পুৰণি জনপ্ৰিয় বৈশিষ্ট্য! নষ্টালজিয়া ঘূৰি আহিবনে?

September 7, 2025 6:30 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd