মাজুলীৰ এখন বিদ্যালয়ত শিক্ষাৰ্থীৰ য়ুনিফৰ্ম হৈছে পৰম্পৰাগত অসমীয়া সাজপাৰ

Screenshot_20181008-064105_Video Player (1)

মাজুলীৰ এখন চৰকাৰী বিদ্যালয়। নাম আউনিআটী উচ্চ মাধ্যমিক বিদ্যালয়। মাজুলী কমলাবাৰীৰ পৰা ছয় কি:মি পশ্চিমলৈ,  আউনিআটী সত্ৰৰ ওচৰতে অৱস্থিত বিদ্যালয়খন এতিয়া মাজুলীলৈ অহা দেশী-বিদেশী পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে।

বিদ্যালয়খনৰ পৰিবেশ, শৈক্ষিক ব্যৱস্থা, ছাত্ৰ-ছাত্ৰীসকলৰ একক বৈশিষ্ট্যৰ সাজ-পাৰ—এই সকলোবোৰৰ উপৰিও শিক্ষকসকলে ছাত্ৰ-ছাত্ৰী সকলক লৈ গঢ় দিয়া সাংস্কৃতিক আন্দোলনে মানুহক অভিভূত কৰি তোলে।

ছাত্ৰ-ছাত্ৰীসকলৰ বিদ্যালয়ৰ পোচাকে প্ৰথমেই আকৰ্ষিত কৰে মাজুলীলৈ অহা পৰ্যটকসকলক। অসমৰ পৰম্পৰাগত চুৰীয়া-কূৰ্টা পৰিধান কৰি, কান্ধত গামোচা লৈ ছাত্ৰসকল বিদ্যালয়লৈ অহা-যোৱা কৰা অপূৰ্ব দৃশ্য অসমৰ ভিতৰতে বিৰল।

বিদ্যালয়ৰ ছাত্ৰীসকলে সেউজীয়া পাৰিৰ বগা মেখেলা-চাদৰ আৰু সেউজীয়া ব্লাউজৰ য়ুনিফৰ্ম পৰিধান কৰে। বিদ্যালয়খনত মুঠতে ২০০ ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়ন কৰে।

সাংস্কৃতিক পৰম্পৰাৰ পৰা ডিজিটেল শ্ৰেণী কোঠালৈকে বিদ্যালয় খনৰ গুণগত মাণদণ্ড উচ্চ খাপৰ হোৱাৰ বাবে মাজুলীৰ বহু অঞ্চলৰ লগতে যোৰহাট, লক্ষীমপুৰ, গোলাঘাট, শিৱসাগৰ আদিৰ জিলাৰ পৰাও ছাত্ৰসকল এই বিদ্যালয়ত পঢ়িবলৈ আহে। ব্যক্তিগত খণ্ডৰ বিদ্যালয়ক প্ৰত্যাহ্বান জনাব পৰাকৈ চৰকাৰী বিদ্যালয়খনত গঢ়ি তোলা পৰিবেশ অতি আদৰণীয় আৰু অনুকৰণীয়।