হেড-ৱাৰ্ণাৰৰ বেটিং বিক্ৰম, জাম্পাৰ স্পীন যাদুৰে অষ্ট্ৰেলিয়াই ৩৬ৰাণত পৰাস্ত কৰিলে ইংলেণ্ডক

টী-২০ বিশ্বকাপত এইবাৰ আৰম্ভণিৰ পৰাই ৰান বেছি উঠা দেখা যোৱা নাছিল। অৱশেষত ১৭ নং মেচত দুশ ৰান দেখা গ’ল। ব্ৰীজটাউনত ইংলেণ্ডৰ বিৰুদ্ধে প্ৰথমে বেটিং কৰি অষ্ট্ৰেলিয়াই ৭ উইকেটত ২০১ ৰান সংগ্ৰহ কৰে। ৰান খেদি ৬ উইকেটত ১৬৫ ৰানত স্তব্ধ হৈ পৰে ইংলেণ্ডৰ ইনিংছ।

কেনচিংটন অ’ভেলত অনুষ্ঠিত হোৱা খেলখনত ইংলেণ্ডে ২০১ ৰান অনুসৰণ কৰি ভাল আৰম্ভণি কৰে। ফিল ছল্ট আৰু জোছ বাটলাৰে অপেনিং যুটীত ৭ অভাৰত ৭৩ ৰান সংগ্ৰহ কৰে। কিন্তু যেতিয়া এডাম জাম্পা বলিং কৰিবলৈ আহিল, তেতিয়াই খেলখন ঘূৰিবলৈ আৰম্ভ কৰিলে।

নিজৰ প্ৰথম খেলত ২৩টা বলত ৩৭ ৰান কৰা ছল্টক বল্ড কৰে জাম্পাই। পৰৱৰ্তী অভাৰতে তেওঁ ২৮টা বলত ৪২ ৰান সংগ্ৰহ কৰা বাটলাৰকো ঘুৰাই পঠিয়ায়। দুজন অ’পেনাৰ যোৱাৰ পিছতে ইংলেণ্ডৰ ৰান ৰেট হ্ৰাস পায়।হেৰুৱাই থাকে উইকেটো। ইফালে ম’ইন আলীয়ে গ্লেন মেক্সৱেলৰ এটা অভাৰত তিনিটা ছয় মাৰি আশাৰ সঞ্চাৰ কৰে যদিও তাৰ পিছত বেছি সময় টিকিব নোৱাৰিলে। ১৫টা বলত ২৫ ৰান কৰি তেওঁ পেট কামিন্সৰ বলত আউট হয়।

ফটো সৌজন্যঃ আইচিচি।

ইয়াৰ পূৰ্বে অষ্ট্ৰেলিয়াই ইনিংছৰ ভাল আৰম্ভণি কৰিছিল। ট্ৰেভিছ হেড আৰু ডেভিদ ৱাৰ্নাৰে ৫ অভাৰত ৭০ ৰান সংগ্ৰহ কৰে। ৱাৰ্নাৰে ১৬টা বলত ৪টা ছয় আৰু ২টা চাৰিৰে ৩৯ ৰান সংগ্ৰহ কৰে। হেডে ১৮টা বলত ৩টা ছয় আৰু ২টা চাৰিৰে ৩৪ ৰানৰ ইনিংছ খেলে। এই দুজনৰ সৌজন্যত পাৱাৰপ্লেত অষ্ট্ৰেলিয়াই ২ উইকেটত ৭৪ ৰান সংগ্ৰহ কৰে, যিটো এই প্ৰতিযোগিতাৰ প্ৰথম ছয় অভাৰত সৰ্বাধিক ৰান।

মিচেল মাৰ্ছ , মেক্সৱেল আৰু ষ্ট’ইনিছৰ বেটত অ’পেনাৰ ৰান হাৰ অব্যাহত থাকে। এক সন্মিলিত প্ৰচেষ্টাৰে অষ্ট্ৰেলিয়াই এটা অৰ্ধশতক নোহোৱাকৈ ২০১ ৰান সংগ্ৰহ কৰি কানাডাৰ বিৰুদ্ধে আমেৰিকাৰ ১৯৭ ৰানৰ অভিলেখ অতিক্ৰম কৰে।

ফটো সৌজন্যঃ আইচিচি।

৩৬ ৰানত জয়লাভ কৰি অষ্ট্ৰেলিয়াই ছুপাৰ এইটৰ পথত এখোজ আগুৱাই যায়। দুয়োখন খেলতে জয়লাভ কৰাৰ পিছত দলটোৰ পইণ্ট ৪। স্কটলেণ্ড এতিয়া ৩ পইণ্টেৰে গ্ৰুপত দ্বিতীয় স্থানত আছে। ইপিনে, অষ্ট্ৰেলিয়াৰ হাতত পৰাস্ত হোৱাৰ পূৰ্বে স্কটলেণ্ডৰ সৈতে বৰ্ষাবিঘ্নিত মেচখনত পোৱা এক পইণ্টেই ইংলেণ্ডৰ সম্বল।