ক্ৰিকেটৰ বাহিৰেও জীৱন আছে; কৰ্কট ৰোগ মুক্ত মাতৃৰ সৈতে ফটো ক্ৰিকেটাৰ ক্ৰিছ লিনৰ

অষ্ট্ৰেলিয়ান ক্ৰিকেটাৰ ক্ৰিছ লিনে কৰ্কট ৰোগ মুক্ত হোৱা তেওঁৰ মাতৃৰ সৈতে একেলগে উঠা একপি ফটো ছ’চিয়েল মিডিয়াত আপলোড কৰে।

”খেলতকৈ জীৱনৰ মহত্বৎ অধিক,” ছ’চিয়েল মিডিয়াত মাতৃৰ সৈতে ফটো আপলোড কৰি ক্ৰিকেটাৰ গৰাকীয়ে এইদৰে লিখে।

”আজি মই কেৰিবিয়ানত, শূন্য ৰানত আউট হলো কিন্তু কোনো কথা নাই কাৰণ মই এইমাত্ৰ খবৰ লাভ কৰিলো মোৰ মাতৃ কৰ্কট ৰোগক জয় কৰিছে! মা তোমাক ভালপাও,” আৱেগিক ক্ৰিছ লিনে লিখে।

আনহাতে, মাতৃক সময় দিয়াৰ বাবেই লিনে আগন্তুক আই পি এলৰ পৰা নিজৰ নাম প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

কলকাতা নাইট ৰাইডাৰ্ছৰ বিস্ফোৰক অপেনিং বেটছমেন গৰাকীক দলৰ পৰা বিদায় দিয়াৰ সময়ত অধিনায়ক দিনেশ কাৰ্তিকে লিনে কলকাতাৰ বাবে আগবঢ়োৱা বৰঙণিৰ শলাগ লয়।