অষ্ট্ৰেলিয়াৰ প্ৰধান মন্ত্ৰী স্কট মৰিছনে শুকুৰবাৰে বিশ্ব স্বাস্থ্য সংস্থা (WHO)আৰু ৰাষ্ট্ৰসংঘক চীনত চলি থকা ৱেট মাৰ্কেটৰ বিৰুদ্ধে কাৰ্যব্যৱস্থা গ্ৰহণৰ বাবে আহ্বান জনাইছে।
তেওঁ কয় যে ৱেট মাৰ্কেট এক বাস্তৱ সমস্যা আৰু ইয়াৰ পৰাই কৰ’না ভাইৰাছৰ আৰম্ভ হৈছে।
এটা নিউজ চেনেলত দিয়া সাক্ষাৎকাৰত কয় যে চীনৰ ৱেট মাৰ্কেটেই সেইটো স্থান য’ত এই ভাইৰাছটো পোৱা গৈছিল। তেওঁ কয় যে যে এয়া বিশ্বৰ বাবে এক ডাঙৰ প্ৰত্যাহ্বান। বিশ্ব স্বাস্থ্য সংস্থা আৰু আন আন্ত:ৰাষ্ট্ৰীয় সংস্থাই এইক্ষেত্ৰত আৰু দৃষ্টি দিব পাৰে।
উল্লেখযোগ্য যে চীনৰ উহানত থকা ৱেট মাৰ্কেট এনে এখন বজাৰ য’ত অজগৰ, কাছ, এন্দুৰ, গাহৰি, বন মেকুৰী, বাদুলী, গাহৰিকে ধৰি বিভিন্ন জন্তুৰ মাংস বিক্ৰী কৰা হয়। ইয়াৰ পৰাই কৰ’না ভাইৰাছ বিয়পা বুলি শংকা প্ৰকাশ কৰি অহা হৈছে।
তথ্য অনুসৰি, চীনৰ এই মাৰ্কেটখনৰ পৰাই ২০০২চনত ছাৰ্ছ সংক্ৰমণ ঘটিছিল। এই ছাৰ্ছৰ বাবে ২৬খন দেশৰ ৮,০০০ লোক সংক্ৰমিত হৈছিল।সেইটো আছিল কৰ’না ভাইৰাছৰ প্ৰথম আক্ৰমণ।
ইয়াৰ পাছতে চীনে কিছুদিনৰ পৰা এই মাৰ্কেটখন বন্ধ কৰি দিছিল। কিন্তু কিছুদিনৰ পাছত মাৰ্কেটখন পুনৰ খুলি দিয়া হয়।
বৰ্তমান কৰ’না ভাইৰাছে গোটেই বিশ্বতে বিয়পি পৰিছে যদিও প্ৰথমতে চীনতে ই অধিক সংক্ৰমিত হৈছিল। এতিয়া কেতিয়ালৈ আৰু কেনেকৈ ই নিয়ন্ত্ৰিত হয় সেয়া লক্ষ্যণীয় হৈ পৰিছে।