গৱেষকৰ দাবী: তেজৰ জৰিয়তে ২০ মিনিটৰ ভিতৰতে সম্ভৱ হ’ব কৰ’নাৰ পৰীক্ষা!

Corona-test-hero-a219365

প্ৰতিনিধিত্বমূলক ফটো।

বিশ্বত কৰ’না ভাইৰাছৰ দ্ৰুত সংক্ৰমণে আতংকৰ সৃষ্টি কৰি থকাৰ সময়তে বিজ্ঞানীসকলে ভাইৰাছৰ নমুনা পৰীক্ষাৰ পৰা আৰম্ভ কৰি ভেকচিন আৱিষ্কাৰলৈকে বিভিন্ন গৱেষণাত ব্যস্ত হৈ পৰিছে।

প্ৰথম অৱস্থাত কৰ’নাৰ পৰীক্ষা অত্যাধিক ব্যয় বহুল তথা সময় খৰচী আছিল যদিও লাহে লাহে ই বহু সহজ হৈ আহিছে।

শেহতীয়াকৈ অষ্ট্ৰেলিয়াৰ এদল গৱেষকে মাত্ৰ ২০ মিনিটৰ ভিতৰতে কৰ’নাৰ পৰীক্ষা সম্ভৱ হোৱাৰ কথা ঘোষণা কৰিছে।

দেশখনৰ মোনাছ বিশ্ববিদ্যালয়ৰ গৱেষকসকলে দাবী কৰিছে যে তেওঁলোকে মানুহৰ তেজৰ পৰীক্ষাৰ জৰিয়তে ২০ মিনিটৰ ভিতৰতে কৰ’নাৰ ফলাফল দিবলৈ সক্ষম হৈছে।

এ চি এছ ছেন্সৰ্ছ জাৰ্ণেলত প্ৰকাশিত গৱেষণাত গৱেষকসকলে কৈছে,’’কিমান দ্ৰুতভাৱে এই ভাইৰাছ বিয়পি পৰিছে, কিমান কম সময়ৰ ভিতৰত ইয়াক চিনাক্ত কৰা হৈছে, এনে বিষয়বোৰ বিবেচনা কৰি দীৰ্ঘকালীন চাহিদাৰ কথা মনত ৰাখি এই গৱেষণা কৰা হৈছিল।‘’

গৱেষকসকলে তেওঁলোকৰ গৱেষণাত ২৫ মাইক্ৰ’লিটাৰ প্লাজমা নমুনা হিচাপে ব্যৱহাৰ কৰিছে। পৰীক্ষাৰ জৰিয়তে তেওঁলোকে কৰ’না ভাইৰাছৰ কাৰণ হিচাপে স্বাৱ গ্ৰন্থিসমূহ উজ্জীৱিত হৈ উঠাৰ কাৰণ বিচাৰি উলিয়াইছে।

তেজত কৰ’নাৰ নমুনা চিনাক্ত কৰাৰ জৰিয়তেই গৱেষকসকলে কৰ’নাৰ সংক্ৰমণ হৈছে নে নাই তাৰ নিৰ্ণয় কৰিছে।

এতিয়া তেজৰ পৰীক্ষাৰ জৰিয়তেই নতুন পদ্ধতিত ব্যক্তি গৰাকী অজানিতে কৰ’নাৰ দ্বাৰা ইতিমধ্যে সংক্ৰমিত হৈছে নেকি সেয়া জানিব পৰা যাব।

এই নতুন পদ্ধতিৰে এঘন্টাৰ ভিতৰতে বহু ৰোগীৰ কৰ’না সংক্ৰমণৰ পৰীক্ষা কৰিব পৰা যাব। কম খৰচত আৰু কম সময়ৰ ভিতৰতে যিকোনো স্থানতে সহজেই এই পৰীক্ষা কৰিব পৰা যাব।

গৱেষকসকলে এতিয়া ইয়াৰ বাণিজ্যিক উৎপাদন আৰম্ভ কৰাৰ বাবে আৰ্থিক সহায়ৰ অপেক্ষা কৰিছে।