আইপিএল : কাৰাবাসৰ সম্মুখিন হ’ব নেকি মেক্সৱেল, স্মিথ, ৱাৰ্ণাৰকে ধৰি অষ্ট্ৰেলিয়ান ক্ৰিকেটাৰসকল?

ভাৰতৰ পৰা গৈ অষ্ট্ৰেলিয়াত প্ৰৱেশ কৰিলেই যিকোনো এজন লোকে জৰিমণাৰ সম্মুখিন হ’ব লাগিব।

কেৱল সেয়াই নহয়, প্ৰয়োজনত কাৰাবাসো খাটিব লগা হ’ব পাৰে।

ভাৰতৰ ক্ৰমবৰ্ধমান ক’ভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি দেশখনে এই সিদ্ধান্ত গ্ৰহণ কৰিছে।

কৰোণা সংক্ৰমণ ৰোধ কৰিবলৈ প্ৰথমবাৰৰ বাবে বাহিৰৰ দেশৰ পৰা নাগৰিকসকলে নিজ দেশলৈ ঘূৰি যোৱা কাৰ্যক ‘অপৰাধমূলক কাম’ হিচাপে বিবেচিত হৈছে অষ্ট্ৰেলিয়াত।

যাৰ ফলত সম্প্ৰতি আইপিএলত অংশগ্ৰহণ কৰি থকা ক্ৰিকেটাৰসকল তীব্ৰ প্ৰত্যহ্বানৰ মুখামুখি গৈছে।

মে’ মাহৰ শেষৰফালে আইপিএল শেষ হ’ব আৰু দেশলৈ উভটি গৈয়েই তেওঁলোক সমুখিন হ’ব পাৰে শাস্তিৰ।

আইপিএলত সম্প্ৰতি ১৪জন অষ্ট্ৰেলিয়ান ক্ৰিকেটাৰে অংশ লৈ আছে.

ইয়াৰ ভিতৰত অন্যতম হৈছে ষ্টিভ স্মিথ, গ্লেন মেক্সৱেল, পেট কামিনছ, ডেভিড ৱাৰ্ণাৰ, আৰন ফিনছৰ দৰে হাইপ্ৰোফাইল তাৰকাসকল।

তদুপৰি ৰিকী পণ্টিঙকে ধৰি কেইবাজনো প্ৰাক্তন তাৰকাই আইপিএলত বিভিন্নধৰণে জড়িত হৈ আছে।

আইপিএল শেষ হোৱাৰ পাছতে তেওঁলোকক নিৰাপদভাৱে দেশলৈ ঘূৰাই পঠোৱাৰ আশ্বাস প্ৰদান কৰিছে ভাৰতে।

তথাপিও অষ্ট্ৰেলিয়াৰ নতুন ক’ভিড বিধি অনুযায়ী, দেশৰ মাটিত ভৰি থলেই তেওঁলোকে কঠিন শাস্তিৰ মুখামুখি হ’ব পাৰে।

এই শাস্তিৰ পৰিমাণ হৈছে ৩৭ হাজাৰ পাউণ্ড অথবা ৫ বছৰৰ কাৰাবাস।

শুকুৰবাৰে স্বাস্থ্যমন্ত্ৰী গ্ৰেগ হাণ্টে এক বিবৃতিযোগে এই কথা জনায়।

৩ মে’ৰ পৰা এই নিৰ্দেশনা কাৰ্যকৰী কৰা হ’ব।

উল্লেখযোগ্য যে বৰ্তমানলৈকে ৮ হাজাৰ অষ্ট্ৰেলিয়ান নাগৰিক ভাৰতৰ মাটিত আছে।