অসম্ভৱ নহয় চীন-আমেৰিকাৰ যুদ্ধ: অষ্ট্ৰেলিয়াৰ প্ৰধান মন্ত্ৰী স্কট মৰিছন

WhatsApp Image 2020-08-08 at 7.05.43 AM

অষ্ট্ৰেলিয়াৰ প্ৰধান মন্ত্ৰী স্কট মৰিছন।

চীন আৰু আমেৰিকাৰ মাজত যুদ্ধ আৰু এতিয়া কোনো অসম্ভৱ কথা নহয়। এই মন্তব্য অষ্ট্লিয়াৰ প্ৰধান মন্ত্ৰী  স্কট মৰিছনৰ।

স্কট মৰিছনে দেশখনৰ ৰাজধানী কেনবেৰাৰ পৰা অনলাইনত ৰখা এক বক্তৱ্যত বেইজিং আৰু ৱাশ্বিংটনৰ মাজত উত্তেজনা শীৰ্ষ পৰ্যায়ত উপনীত হোৱাৰ প্ৰসংগত এইদৰে মন্তব্য কৰে।

মৰিছনৰ মতে পূৰ্বে আমেৰিকা আৰু চীনৰ মাজত যুদ্ধৰ কথা চিন্তা কৰিব পৰা নগৈছিল। কিন্তু এতিয়া সেয়া কোনো অসম্ভৱ নহয়।

প্ৰধান মন্ত্ৰী গৰাকীয়ে পূব এছিয়াত মিত্ৰ দেশৰ সন্ধানত প্ৰাথমিকতা ভিত্তিত দেশখনে কাম কৰিছে বুলি সদৰী কৰে।

অষ্ট্ৰেলিয়াৰ প্ৰধান মন্ত্ৰী স্কট মৰিছনে কয় যে এই অঞ্চলটোত তেওঁলোকে বাস্তৱক অস্বীকাৰ নকৰাকৈ এক আশাবাদী ভূমিকাত অৱতীৰ্ণ হ’ব।

আনহাতে, চীন-আমেৰিকাৰ মাজত উত্তেজনা বৃদ্ধি পালেও বেইজিঙৰ সৈতে কেনবেৰাৰ অৰ্থনৈতিক সম্পৰ্ক অটুট থকাৰ আশা ব্যক্ত কৰিছে মৰিছনে।

শেহতীয়াকৈ চীনৰ বিৰুদ্ধে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে আক্ৰমণাত্মক স্থিতি গ্ৰহণ কৰিছে।

অহা নৱেম্বৰত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ পূৰ্বে ট্ৰাম্প প্ৰশাসনে বেইজিঙৰ বিৰুদ্ধে কঠোৰ হোৱাৰ ইংগিত প্ৰদৰ্শন কৰিছে।