Chandigarh University MMS Case: স্নানৰ ভিডিঅ’ ভাইৰেল: ৬ দিনলৈ বন্ধ থাকিব চণ্ডীগড় বিশ্ববিদ্যালয়, তিনি জনক গ্ৰেপ্তাৰ

চণ্ডীগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰীনিবাসৰ ৬০ গৰাকী ছাত্ৰীয়ে স্নান কৰি থকাৰ দৃশ্য ইন্টাৰনেটত ভাইৰেল হোৱাৰ পিছতে তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছে।এনে আচৰিত ঘটনাৰ প্ৰতিবাদত উত্তাল হৈ পৰিছে চহৰ খন৷ ছদিনৰ বাবে চণ্ডীগড় বিশ্ববিদ্যালয়ৰ সকলো শ্ৰেণী বন্ধ ৰখাৰ সিদ্ধান্ত লৈছে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই।

প্ৰতিবাদী শিক্ষাৰ্থীসকলৰ সৈতে হোৱা আলোচনাৰ অন্তত মাজনিশা শিক্ষাৰ্থীসকলে প্ৰতিবাদ স্থগিত ৰখাৰ কথা ঘোষণা কৰে। ইপিনে ভিডিঅ’ ভাইলেলৰ ঘটনাকলৈ আৰক্ষীয়ে এতিয়ালৈকে তিনগৰাকী লোকক গ্ৰেপ্তাৰ কৰিছে।গ্ৰেপ্তাৰ হোৱাসকলৰ ভিতৰত ভিডিঅ’ ৰেকৰ্ডিং কৰা ছাত্ৰীগৰাকী, তেওঁৰ চিমলাত থকা বন্ধুজনো আছে। ইয়াৰ মাজতে চণ্ডীগড় বিশ্ববিদ্যালয়ৰ হোষ্টেলৰ ভিডিঅ’ ভাইৰেল হোৱা ঘটনাৰ তদন্তৰ নিৰ্দেশ দিছে পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানে।

কেইবাগৰাকীও ছাত্ৰীৰ কিছুমান আপত্তিজনক ভিডিঅ’ ৰেকৰ্ড কৰি অনলাইনত পোষ্ট কৰাৰ খবৰকলৈ লৈ পঞ্জাৱৰ মোহালিৰ চৌহদত উত্তেজনা বিয়পি পৰিছে।ইয়াৰ মাজতে মুখ্যমন্ত্ৰী ভগৱন্ত মানে ঘটনাটোৰ তদন্তৰ নিৰ্দেশ দিয়ে আৰু কয় যে দোষী সাব্যস্ত হোৱা সকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব। তেওঁ কয় ” চণ্ডীগড় বিশ্ববিদ্যালয়ৰ দুৰ্ভাগ্যজনক ঘটনাটোৰ বিষয়ে শুনি দুখ লাগিছে… আমাৰ ছোৱালীবোৰ আমাৰ গৌৰৱ… ঘটনাটোৰ এক উচ্চ-স্তৰৰ তদন্তৰ নিৰ্দেশ দিয়া হৈছে… যিদোষী সাব্যস্ত হয় তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱা হ’ব,” । মানে আজি টুইটাৰত এই কথা কয়।মুখ্যমন্ত্ৰীগৰাকীয়ে ঘটনাটো সন্দৰ্ভত প্ৰশাসনৰ সৈতে যোগাযোগ কৰিথকা বুলিও উল্লেখ কৰে। তেওঁ লগতে উৰাবাতৰি বিশ্বাস নকৰিবলৈ সকলোকে আহ্বান জনায়।

শিক্ষাৰ্থীসকলক শান্ত হৈ থাকিবলৈ আৰু সংবাদ মাধ্যমক সাৱধানতা অৱলম্বন কৰিবলৈ আহ্বান জনাছে ৰাজ্য খনৰ শিক্ষামন্ত্ৰীগৰাকীয়েও মন্ত্ৰীগৰাকীয়ে টুইট যোগে কয়, “মই চণ্ডীগড় বিশ্ববিদ্যালয়ৰ সকলো শিক্ষাৰ্থীক শান্ত হৈ থাকিবলৈ অনুৰোধ জনাইছো, কোনো দোষীক সাৰি যাবলৈ দিয়া নহ’ব।”

৬০ গৰাকী আছিল বিশ্ববিদ্যালয়খনৰে হোষ্টেলৰ নিৱাসী ৷ এই ভিডিঅ’ ইণ্টাৰনেটত উপলব্ধ আৰু ভাইৰেল হৈ থকা দেখা পোৱাৰ পিছত বিশ্ববিদ্যালয় চৌহদত বিশৃংখলতাৰ সৃষ্টি হয়। জানিব পৰা মতে, বিশ্ববিদ্যালয়খনৰে এগৰাকী ছাত্ৰীয়ে সেই ভিডিঅ’বোৰ তৈয়াৰ কৰিছিল আৰু সেইবোৰ চিমলাৰ এজন যুৱকলৈ পঠিয়াইছিল যিয়ে সেই ভিডিঅ’বোৰ ইণ্টাৰনেটত আপলোড কৰিছিল।