NORTHEAST NOW (Assamese)

গুৱাহাটীত ভয়ংকৰ দুৰ্ঘটনাঃ পৰিবহণ নিগমৰ বাছৰ খুন্দাত প্ৰাণ হেৰুৱালে অটোৰিক্সা চালকে

March 19, 2024 6:56 pm · এন ই নাও নিউজ, গুৱাহাটী

গুৱাহাটী মহানগৰীত আজি বিয়লি সংঘটিত হৈছে এক ভয়ংকৰ দুৰ্ঘটনা। অসম ৰাজ্যিক পৰিবহণ নিগমৰ এখন চিটি বাছৰ খুন্দাত নিহত হৈছে এজন অটোৰিক্সা চালক।

নিহত অটোৰিক্সা চালকজনক হিতেশ কলিতা বুলি চিনাক্ত কৰা হৈছে। বাছখনৰ খুন্দাত থিতাতে নিহত হয় হিতেশ কলিতা।

এই দুৰ্ঘটনাত আন দুজনমান লোক আহত হোৱা বুলিও জানিব পৰা গৈছে। দুৰ্ঘটনাৰ পিছতে ঘটনাস্থলীত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।

প্ৰত্যক্ষদৰ্শীৰ অভিযোগ মতে, AS202558 পঞ্জীয়ন থকা বাছখন নিৰ্দিষ্ট চালকজনৰ পৰিৱৰ্তে কণ্ডাক্টৰজনেহে চলাই নিছিল।

Related News