স্বৈৰাচাৰী ইৰাণ!: বিশ্বৰ প্ৰৱল জনমতক উপেক্ষা, গোপনে প্ৰাণদণ্ড দিলে চৰকাৰ বিৰোধী কুস্তিবীৰক

index.jpga

চৰকাৰ বিৰোধী এগৰাকী বিশ্ব মানৰ মল্লযুঁজাৰুৰ প্ৰাণদণ্ড অতি গোপনে কাৰ্যকৰী কৰিছে ইৰাণে।

ইৰাণৰ চৰকাৰী সংবাদ মাধ্যমে ইৰাণৰ চৰকাৰ বিৰোধী আন্দোলনৰ নেতৃত্ব লোৱা বিশ্ব মানৰ কুস্তিবীৰ নাভিদ আফকাৰিৰ মৃত্যুদণ্ড কালি কাৰ্যকৰী কৰা বুলি প্ৰকাশ কৰিছে।

বিশ্বৰ প্ৰৱল জনমত, আন্তৰ্জাতিক অলিম্পিক কমিটি, মাৰ্কিন ৰাষ্ট্ৰপতি ড’লান্ড ট্ৰাম্প, বিশ্বৰ ৮৫ হাজাৰ মল্লযুঁজাৰুৰ সকলোৰে আবেদন নস্যাৎ কৰি ইৰাণে এগৰাকী চৰকাৰী কৰ্মচাৰীৰ হত্যাৰ অপৰাধত ফাঁচি কাৰ্যকৰী কৰিলে বিশ্বমানৰ কুস্তিবীৰ নাভিদ আফকাৰিৰ।

ইৰাণৰ চৰকাৰীৰ সংবাদ পত্ৰত কালি নাভিদ আফকাৰিৰ মৃত্যুদণ্ড কাৰ্যকৰী কৰাৰ খবৰ প্ৰকাশ পোৱাৰ লগে লগে বিশ্বজুৰি সৃষ্টি হৈছে তুমুল প্ৰতিক্ৰিয়াৰ।

উল্লেখ্য যে, ২০১৮ বৰ্ষত ইৰাণত আৰ্থিক মন্দাৱস্থা, নিৱনুৱা সমস্যা, দুৰ্নীতি বিৰুদ্ধে হোৱা চৰকাৰী বিৰোধী প্ৰৱল আন্দোলনক নাভিদ আফকাৰিয়ে দুই ভাতৃসহ সন্মুখনৰ পৰা নেতৃত্ব প্ৰদান কৰিছিল।

তেতিয়াই পৰাই ইৰাণ চৰকাৰৰ ৰোষত পৰিছিল নাভিদ আফকাৰিসহ দুই ভাতৃ।

ইফালে ২০১৮ চনৰ ২ আগষ্টত ইৰাণ চৰকাৰৰ এগৰাকী কৰ্মচাৰীক ছুৰীকাঘাট কৰি হত্যা কৰা হয়। উক্ত হত্যাকাণ্ড নাভিদে কৰা বুলি ইৰাণ চৰকাৰে অভিযোগ উত্থাপন কৰি নাভিদক গ্ৰেপ্তাৰ কৰে।

ইফালে নাভিদৰ দুই ভাতৃকো ইৰাণ চৰকাৰে দেশদ্ৰোহিতাৰ অভিযোগত গ্ৰেপ্তাৰ কৰে।

উক্ত হত্যাকাণ্ডৰ গোচৰতে নাভিদক অপৰাধী সাজি ইৰাণ চৰকাৰে প্ৰাণদণ্ডেৰে দণ্ডিত কৰে।

ইফালে ইৰাণ চৰকাৰৰ বিৰুদ্ধে অভিযোগ উত্থাপিত হৈছে যে নাভিদে উক্ত হত্যাকাণ্ড সংঘটিত কৰাৰ কোনো প্ৰমাণ চৰকাৰে দাখিল কৰিব নোৱাৰিলে।

চৰকাৰ বিৰোধী আন্দোলনক নেতৃত্ব দিয়াৰ বাবেই চৰকাৰে নাভিদক মিছা অভিযোগত অভিযুক্ত কৰি শাস্তি বিহিলে।

নাভিদৰ অধিবক্তাৰ মতে নাভিদৰ বিৰুদ্ধে হত্যাৰ কোনো প্ৰমাণ চৰকাৰে দিব নোৱাৰিলে। কাৰাগাৰ ভিতৰত অমানুষিক অত্যাচাৰ কৰি নাভিদক মিছা স্বীকাৰোক্তি দিবলৈ বাধ্য কৰালে ইৰাণ চৰকাৰে।

অধিবক্তা গৰাকীৰ মতে আনকি মৃত্যুদণ্ড কাৰ্যকৰীৰ কৰাৰ পূৰ্বে পৰিয়ালৰ লোকক নাভিদক সাক্ষাৎ কৰাৰো অনুমতি প্ৰদান নকৰিলে চৰকাৰে।

ইৰাণৰ শাসকৰ এনে স্বৈৰাচাৰিতাৰ বিৰুদ্ধে এতিয়া সৰৱ হৈ উঠিছে বিশ্বৰ ক্ৰীড়া মহল।

থমাছ বাখে কৈছে যে আন্তৰ্জাতিক অলিম্পিক কমিটি, ইৰাণ অলিম্পিক কমিটি, বিশ্ব ৰেষ্টিলং আৰু ইৰিনীয়ান ৰেষ্টলিং ফেডাৰেশ্যনৰ অনুৰোধকো ইৰাণ চৰকাৰে অগ্ৰাহ্য কৰি নাভিদৰ মৃত্যুদণ্ড কাৰ্যকৰী কৰিলে, যিটো সঁচাই অতি হতাশাজনক।