NORTHEAST NOW (Assamese)

ভ্ৰাম্যমাণ নাট্যগোষ্ঠী আৱাহনৰ বেংগালোৰ যাত্ৰা দৰ্শকৰ ব্যাপক উচাহৰ মাজেৰে সামৰণি

April 29, 2019 10:03 am · এন ই নাও নিউজ

অসমৰ জনপ্ৰিয় ভ্ৰাম্যমাণ নাট্যগোষ্ঠী আৱাহন থিয়েটাৰৰ বেংগালোৰু যাত্ৰা দৰ্শকৰ ব্যাপক উচাহৰ মাজেৰে সামৰণি পৰে।

পূব বেংগালোৰ বিহু সমিতি, আছাম চ’চাইটি অৱ বেংগালোৰ, আছাম এচ’চিয়েশ্যন বেংগালোৰ আৰু শ্ৰীমন্ত শংকৰদেৱ সাংস্কৃতিক সমাজৰ উদ্যোগত আৱাহন থিয়েটাৰে এইবাৰ প্ৰথমবাৰৰ বাবে ৰাজ্যৰ বাহিৰত নাট প্ৰদৰ্শন কৰে।

ভ্ৰাম্যমাণ নাট্যগোষ্ঠীটোৱে বেংগালোৰত জনপ্ৰিয় নাট্যকাৰ অভিজিত ভট্টাচাৰ্যৰ তিনিখন নাটক ক্ৰমে ২৬ এপ্ৰিলত ‘মকৰা জাল’, ২৭ এপ্ৰিলত ‘মাধুৰী মোৰ নাম’ আৰু কালি শেষ নিশা অৰ্থাৎ ২৮ এপ্ৰিলত ‘মই মাৰ ছোৱালী’ মঞ্চস্থ কৰে। নাটককেইখনত অভিনয় কৰিছে অসমৰ জনপ্ৰিয় অভিনেত্ৰী প্ৰস্তুতি পৰাশৰে।

কালি অন্তিম নিশাৰ নাটখনি উপভোগ কৰি আৱাহনৰ এই প্ৰয়াসক উচ্চ প্ৰশংসা কৰে বিশিষ্ট অভিনেত্ৰী তথা অসমৰ বোৱাৰী তথা ‘ৰংগায়ন’ৰ সঞ্চালকৰূপে সম্প্ৰতি কৰ্ণাটকত কৰ্মৰত ভাগীৰথীয়ে। তেওঁৰ সৈতে নাটক চাবলৈ অহা বেংগালোৰৰ কেইবাগৰাকী নাট্য কৰ্মীয়েও ‘মই মাৰ ছোৱালী’ চাই এক সুন্দৰ অভিজ্ঞতা হোৱা বুলি ব্যক্ত কৰে।

Related News