বাক্সাত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীক লৈ বিশাল সজাগতা সভাৰ আয়োজন এবিএমছুৰ

IMG-20180810-WA0076

সদ্য প্ৰকাশিত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ পৰা নাম বাদ পৰা প্ৰকৃত ভাৰতীয় নাগৰিকৰ যাতে পুনৰ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত সন্নিবিষ্ট কৰিব পৰা যায়, সেই নাম বাদ পৰা লোকসকলৰ  সহায়ৰ উদ্দেশ্যে আৰু  সজাগতা সৃষ্টি কৰাৰ উদ্দেশ্যে তামুলপুৰ জিলা এবিএমছুৱে তামুলপুৰ আঞ্চলিক এবিএমছুৰ উদ্যোগত তামুলপুৰ মহকুমাৰ অন্তৰ্গত  চাপাতলত এখন বিশাল সজাগতা সভাৰ অনুষ্ঠিত কৰে।

তামুলপুৰ জিলা এবিএমছুৰ কাৰ্য্যকাৰী সভাপতি হালিম খানৰ পৌৰহিত্যত অনুষ্ঠিত সভাত  কাইলৈ  অৰ্থাৎ ১১ আগষ্ট পৰা এবিএমছুৱে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ খচৰাত নাম বাদ পৰা লোকসকলক সকলো ধৰণৰ সহায় সহযোগ কৰিব বুলি তামুলপুৰ আঞ্চলিক এবিএমছু আৰু তামুলপুৰ জিলা এবিএমছু ৱে আশ্বাস প্ৰদান কৰে। সভাত বাক্সা জিলা ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ বিষয়া তফিকুৰ ৰহমান উপস্থিত থাকি নাম বাদ পৰা ৰাইজক শংকিত নহৈ সঠিক ভাবে যাবতীয় প্ৰপত্র সমুহ পূৰণ কৰিবলৈ আহ্বান জনায়।

এখন নির্ভুল ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী প্ৰকাশ কৰি উলিওৱাৰ ক্ষেত্ৰত এবিএমছুয়ে বৰ্তমান পৰিস্থিতিত লৈ থকা পদক্ষেপৰ  ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ বিষয়া গৰাকীয়ে শলাগ লয় আৰু বিভিন্ন দল সংগঠনকো ৰাইজক সহায় সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায়।

সভাত এবিএমছুৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি শ্বাহ কমল খন্দাকাৰ উপস্থিত থাকি উপস্থিত ৰাইজক কয় যে এবিএমছুৱে যি কোনো সময়ত জাতি ধৰ্ম নিৰ্বিশেষে সকলো ৰাইজক প্ৰপত্র পূৰণত সহায় কৰিব আৰু এবিএমছুৱে যি কোনো সময়ত ৰাইজৰ হৈ কাম কৰি যাবলৈ দায়বদ্ধ।

এই সভাত সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰন সম্পাদক নজৰুল ইছলাম, তামুলপুৰ আৰক্ষী থানাৰ সহকাৰী ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া উপেন বৰ্মন ,তামুলপুৰ জিলা আৰু আঞ্চলিক এবিএমছুৰ সকলো বিষয়-ববীয়া আৰু ডেৰ সহস্ৰাধিক ৰাইজ উপস্থিত থাকে।

সাংবাদিকৰ সৈতে হোৱা এক সাক্ষাৎকাৰত তামুলপুৰ জিলা এবিএমছুৰ সভাপতি টাইচন হুছেইনে কয় যে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত যাতে কোনো বৈধ ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ লোক বাদ নপৰে সেই ক্ষেত্ৰত তামুলপুৰ জিলা এবিএমছুৱে নজৰ ৰাখিব।

বৈধ ভাৰতীয় নাগৰিকসকলক সহায় কৰাৰ বাবে প্ৰতিখন আঞ্চলিক সমিতিত এটাকৈ সহায় কেন্দ্ৰ খোলা হব বুলি সদৰী কৰি হুছেইনে কয় যে কোনো লোকে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী সম্পৰ্কীয় কিবা সমস্যাৰ সম্মুখীন হলে এনে সহায় কেন্দ্ৰলৈ আহি সহায় লব পাৰিব। অসমৰ ঐতিহাসিক দলিল শুদ্ধ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী এখন প্ৰস্তুতৰ ক্ষেত্ৰত এবিএমছুই পূৰ্ণ সহযোগিতা আগবঢ়াব বুলি কৈ কোনো ধৰণৰ উৰা বাতৰিত ভোল নগৈ শান্তি সম্প্ৰীতি ৰক্ষা কৰিবলৈ সকলো শ্ৰেণীৰ ৰাইজক এবিএমছুৰ সভাপতি গৰাকীয়ে আহ্বান জনায়।