NORTHEAST NOW (Assamese)

ডিব্ৰুগড়ত ৰাষ্ট্ৰীয় পোষণ মাহ সম্পৰ্কে সজাগতা সভা অনুষ্ঠিত

September 25, 2018 7:30 pm · অভীক চক্ৰবৰ্তী
Updated: September 25, 2018 8:00 pm
ডিব্ৰুগড়ৰ জিলা উপায়ুক্ত লায়া মাদুৰি। ছবি- ইণ্টাৰনেটৰ সৌজন্যত।

কণমানি শিশু, মহিলা আৰু কিশোৰীৰ মাজত অপুষ্টি কিদৰে প্ৰতিহত আৰু কমাব পাৰি সেই সম্পৰ্কে ডিব্ৰুগড়ৰ মিৰ্জাবাঘ অংগনৱাড়ী কেন্দ্ৰত মঙলবাৰে এক সজাগতা সভাত উপস্থিত থাকে ডিব্ৰুগড়ৰ উপায়ুক্ত লায়া মাদুৰিয়ে।

‘ৰাষ্ট্ৰীয় পোষণ মাহ’ৰ অংশ হিচাপে ডিব্ৰুগড় শিশু উন্নয়ন প্ৰকল্পৰ সদস্যসকলে এই সভাখন আয়োজন কৰিছিল।

দেশজুৰি ‘পোষণ অভিযান’ শীৰ্ষক ধ্বজাবাহী কাৰ্য্যসূচীৰ অংশ হিচাপে ‘হাৰ ঘৰ পোষণ তিয়হাৰ’ থিমেৰে ছেপ্তেম্বৰ মাহটো ‘ৰাষ্ট্ৰীয় পোষণ মাহ’ৰূপে পালন কৰা হৈছে।

তেওঁৰ ভাষণত উপায়ুক্ত মাদুৰিয়ে অপুষ্টি, শিশুৰ বাধাগ্ৰস্ততা, অন্যান্যৰ লগতে জন্মত ওজন কম প্ৰতিহতকৰণ আৰু হ্ৰাসকৰণৰ লক্ষ্যৰ ওপৰত আলোকপাত আৰু অংগনৱাড়ী পৰিদৰ্শিকাসকল, সহায়িকাসকল, শ্ৰমিকসকলৰ কাৰ্য্যকৰী নিৰীক্ষণ আৰু সময়োপযোগী হস্তক্ষেপৰ জৰিয়তে পুষ্টিজনিত ফলাফল উন্নতি সাধনত জোৰ দিয়ে।

সমাজ কল্যাণ বিভাগৰ প্ৰতিনিধি, অংগনৱাড়ী পৰিদৰ্শকসকল আৰু অন্যান্যসকলো সভাত উপস্থিত আছিল।

Related News