• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চৰকাৰ সলনি হ’লেও সমাধান নহ’ল এছ পি অ’সকলৰ সমস্যা; পুনৰ লাষ্টগেইটত বহিল ন্যায্য প্ৰাপ্তিৰ দাবীত

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
September 25, 2018 7:56 pm
বিশেষ আৰক্ষী বিষয়াসকলে ২৫ ছেপ্তেম্বৰত দিচপুৰৰ লাষ্টগেইটত প্ৰতিবাদ কৰাৰ মুহূৰ্তৰ দৃশ্য। ফটো : য়ু বি।

বিশেষ আৰক্ষী বিষয়াসকলে ২৫ ছেপ্তেম্বৰত দিচপুৰৰ লাষ্টগেইটত প্ৰতিবাদ কৰাৰ মুহূৰ্তৰ দৃশ্য। ফটো : য়ু বি।

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চৰকাৰী সলনি হ’ল যদিও এছ পি অ’সকলৰ প্ৰতাৰণা-বঞ্ছনাৰ কাহিনীৰ কোনো পৰিৱৰ্তন নহ’ল। সশস্ত্ৰ আন্দোলন, আলফাত যোগদান, আত্মজাহৰ ভাবুকি, গণতান্ত্ৰিক আন্দোলন একোৱেই তেওঁলোকৰ সমস্যাৰ প্ৰতি চৰকাৰক সহানুভূতিশীল কৰিব নোৱাৰিলে।

ফলত পৰিয়াল পোহপাল দিয়াৰ ক্ষেত্ৰত সম্বলহীন হৈ পৰা এই বিশেষ আৰক্ষী বিষয়া চমুকৈ এছ পি অ’সকলে আজি বিধানসভাৰ শৰৎকালীন অধিৱেশন চলি থকাৰ সময়তে ন্যায্য প্ৰাপ্তিৰ দাবীত পুনৰ দিচপুৰ লাষ্টগেইটত প্ৰতিবাদত নামে।

Apply Now

মন কৰিব লগীয়া কথা যে, চলিত বৰ্ষৰ ২৩ এপ্ৰিলৰ দিনাও ৩ শতাধিক বিশেষ আৰক্ষী বিষয়াই শৰাইঘাটৰ দ্বিতীয় দলঙৰ ওপৰত পথ অৱৰোধ কৰি প্ৰতিবাদ কৰাৰ লগতে বহুকেইজন এছ পি অ’ জোৱানে ব্ৰহ্মপুত্ৰত জাঁপ দিয়াৰো চেষ্টা চলাইছিল।

আনহাতে, আজি দিচপুৰ লাষ্টগেইটত অনুষ্ঠিত  প্ৰতিবাদস্থলত উপস্থিত থকা গোপাল বৰগোহাঁই নামৰ যোৰহাট টীয়কৰ  এগৰাকী এছ পি অ’ই পৰিয়াল পোহপাল দিবলৈ অপৰাগ বুলি সংবাদ মাধ্যমৰ আগত মুকলিকৈ উল্লেখ কৰে।

তেওঁ কয়, “মই মোৰ সন্তানটোকে বিক্ৰী কৰিবলৈ ওলাইছো। দিনটো কাম কৰি কেতিয়াবা ৫০ টকা বা কেতিয়াবা ১০০ টকা পাওঁ। গতিকে মই পৰিয়ালটো পোহপাল দিব নোৱাৰো।”

তেওঁ প্ৰতিবাদস্থলৰ পৰা মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালক আহ্বান জনাই কয় “আমাক অতি সোনকালে স্থায়ী নিযুক্তি প্ৰদান কৰক, অন্যথা আমাৰ আত্মহত্যা কৰাৰ বাহিৰে অন্য উপায় নাথাকিব। নিজৰ ল’ৰা-ছোৱালীক যদি খুৱাব-পিন্ধাব নোৱাৰো, তেন্তে বাপেক হৈ জীয়াই থাকি কোনো লাভ নাই।”

আনহাতে, উক্ত গণ অৱস্থান কাৰ্য্যসূচীত অংশগ্ৰহণ কৰা অসম বিশেষ আৰক্ষী বিষয়া কল্যাণ সমিতিৰ সভাপতি দিলীপ শইকীয়াই সংবাদ মাধ্যমৰ আগত কয়, “চৰকাৰৰ প্ৰতিশ্ৰুতিক আভুৱা-ভাঁৰা বুলিহে ক’ব পাৰি। চৰকাৰে প্ৰতিশ্ৰুতি দিয়ে যাতে আমি আন্দোলন নকৰি মনে মনে বহি থাকো।

উল্লেখ্য যে, ডি এইচ্ছ ডি জে উ্ৰগ্ৰপন্থীয়ে ডিমা-হাচাও জিলাত ২০০৭ চনৰ পৰা হত্যা, অপহৰণ, ধন দাবীৰে জনসাধাৰণৰ মাজত সন্ত্ৰাসৰ সৃষ্টি কৰিছিল। তেওঁলোকৰ বিৰুদ্ধে অসম বিশেষ আৰক্ষী বিষয়াসকলে অভিযান চলাইছিল। সেইসকল উগ্ৰপন্থীয়ে ২০১০ চনত চৰকাৰৰ ওচৰত আত্মসমৰ্পণ কৰাৰ পাছত অসম চৰকাৰে প্ৰায় ১০০০জন উগ্ৰপন্থী সদস্যক অসম আৰক্ষীত নিযুক্তি দিছিল বুলি সংগঠনৰ সভাপতিগৰাকীয়ে জানিবলৈ দিয়ে।

তেওঁ লগতে কয়, “চৰকাৰৰ মতে, আমি যিমানে পঢ়া-শুনা নকৰো আমাক পোনপটীয়াভাৱে চাকৰি দিব নোৱাৰে। চৰকাৰে বিচাৰে যে তোমালোকে প্ৰথম চৰকাৰৰ বিৰুদ্ধে অস্ত্ৰ তুলি লোৱা তাৰ পাছত তোমালোকক চাকৰি দিম।”

ইয়াৰোপৰি তেওঁ কয় “যিসকল উগ্ৰপন্থীয়ে অতদিন ধৰি সন্ত্ৰাস চলাই আহিছিল, সেইসকলক চৰকাৰে আত্মসমৰ্পণ কৰাৰ পাছত চাকৰি দিলে। যিসকলে তেওঁলোকৰ বিৰুদ্ধে অভিযান চলালে সেইসকলক চৰকাৰে চাকৰিৰ পৰা অৱ্যাহতি দিলে।”

আনহাতে, বিগত কংগ্ৰেছ চৰকাৰৰ এইসকল বিশেষ আৰক্ষী বিষয়াক ৩ নং এ আই এছ এফ বেটেলিয়নত ২০১৫ চনৰ জুন মাহৰ ভিতৰত নিযুক্তি দিব বুলি প্ৰতিশ্ৰুতি দিছিল যদিও আজি পৰ্য্যন্ত সেই প্ৰতিশ্ৰুতি পূৰণ নকৰিলে বুলি তেওঁ সাংবাদিকক জনায়।

তদুপৰি অতি সোনকালে বিশেষ আৰক্ষীৰ উক্ত বিষয়াসকলক ৩ নং এ আই এছ এফত নিযুক্তি দিবৰ বাবে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালক আহ্বান জনায়।

তেওঁলোকৰ অন্য দাবীসমূহ ক্ৰমে সকলো এছ পি অ’ক একেলগে নিযুক্তি দিব নোৱৰা পৰ্য্যন্ত ১ আৰু ২ নং এ আই এছ এফৰ খালী হৈ থকা ১৪৫ পদত ১৪৫ জন এছ পি অ’ক নিযুক্তি দিবলৈ বিচৰা প্ৰক্ৰিয়া বন্ধ ৰখা আৰু Assam Tea Protection Security Force ৰ জোৱানসকলক যি নিয়মেৰে বয়সৰ কোনো ঊৰ্ধ্বতম সীমা নাৰাখি ১ আৰু ২ নং এ আই এছ এফত নিযুক্তি দিছিল, সেই একেই নিয়মেৰে এছ পি অ’ জোৱানসকলকো নিযুক্তি দিব লাগে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd