প্লাষ্টিক মুক্ত ডিমা হাচাও গঢ়ি তোলাৰ আহ্বান চি ই এম দেব’লাল গাৰ্লোচাৰ

প্লাষ্টিকক 'বাই বাই' দিবলৈ ডিমা হাচাওবাসীক অনুৰোধ চি ই এমৰ

20190917_203234

ফটো : নৰ্থ-ইষ্ট নাও

উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ উদ্যোগত প্লাষ্টিক তথা প্লাষ্টিকৰ সামগ্ৰী নিষিদ্ধ কৰাৰ বিৰুদ্ধে আৰম্ভ হৈছে অভিযান।

মঙলবাৰে দেশজুৰি প্ৰধান মন্ত্ৰী মোদীৰ ৬৯ সংখ্যক জন্ম দিৱস পালন কৰা হয়। আৰু সেই দিনটোতে ‘প্লাষ্টিক মুক্ত ভাৰত’ গঢ়ি তোলাৰ উদ্দেশ্য আগত ৰাখি প্লাষ্টিক মুক্ত ডিমা হাচাও গঢ় দিয়াৰ কাৰণে জিলাৰ বিভিন্ন প্ৰান্তত ছাত্ৰ-ছাত্ৰী তথা যুব প্ৰজন্মৰ মাজত সজাগতা সভাৰ আয়োজন কৰা হয়।

পাৰ্বত্য জিলাৰ উদ্যোগ নগৰী বুলি জনজাত উমৰাংচুত স্বায়ত্ত শাসিত পৰিষদৰ চি ই এম দেব’লাল গাৰ্লোচা উপস্থিত থাকি সকলোকে প্লাষ্টিক বৰ্জনৰ আহ্বান জনায়।

তেওঁ স্থানীয় জে বি হাগজেৰ জুনিয়ৰ কলেজত এখন সজাগতা সভাত অংশ লৈ ছাত্ৰ-ছাত্ৰীৰ উপৰি অভিভাৱক সকলক প্লাষ্টিকক ‘বাই বাই’ জনোৱাৰ কাৰণে অনুৰোধ কৰে।

চি ই এমে কয় ‘প্লাষ্টিক মানব সভ্যতাৰ কাৰণে এক অশনি সংকেত। যিয়ে লাহে লাহে প্ৰাকৃতিক পৰিবেশৰ মৃত্যু ঘন্টা বজাইছে। কিয়নো অকল প্লাষ্টিক প্ৰদূষণৰ কাৰণেই মাছৰ মৃত্যু হৈছে’।

এই অনুষ্ঠানৰ পাছতে দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৬৯ সংখ্যক জন্মদিন উপলক্ষে উমৰাংচু চিকিৎসালয়ৰ ৰোগী সকলৰ মাজত নিজ হাতেৰে ফলমূল বিতৰণ কৰে গাৰ্লচাই।

কলেজৰ এই অনুষ্ঠানত অতিথি হিচাপে উপস্থিত থাকে পৰিষদৰ সদস্য প্ৰজিত হোজাই, উমৰাংচু টাউন কমিটিৰ চেয়াৰমেন ডেনিচ টেৰন, কলেজৰ অধ্যক্ষ কান্তি দে আদি।

উমৰাংচুৰ উপৰি হাৰাঙ্গাজাওত প্ৰধান মন্ত্ৰী মোদীৰ প্লাষ্টিক মুক্ত ভাৰত গঢ়াৰ আন্দোলন সফল কৰাৰ কাৰণে আয়োজিত সজাগতা সভাত ভাগ লয় পৰিষদৰ ই এম অমেন্দু হোজাই।

লাঙটিঙত একেটা বিষয় আগত ৰাখি বক্তব্য আগবঢ়ায় ক্ৰীড়া আৰু যুৱকল্যান বিভাগৰ ই এম গলঞ্জ থাউচেনে। আনহাতে মাইবাঙত পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ অধ্যক্ষা ৰাণু লাঙঠাচাই ‘স্বচ্ছতা হি সেৱা’ নামৰ অনুষ্ঠানত ভাগ লয়।

ইয়াৰ উপৰি প্ৰধান মন্ত্ৰীৰ জন্ম দিন উপলক্ষে মাইবাং চিকিৎসালয়ত ৰোগী সকলৰ মাজত ফলমূল বিতৰণ কৰে। উপস্থিত থাকে মাইবাং পশ্চিম সমষ্টিৰ পৰিষদীয় সদস্য বিজিট লাংঠাচা।

ইপিনে দিয়ুংব্ৰাত স্থানীয় পৰিষদৰ সদস্য নবজিত হোজাইৰ উপস্থিতিত প্লাষ্টিক মুক্ত ডিমা হাচাওৰ ওপৰত সজাগতা সভা অনুষ্ঠিত হয়। হোজাইয়েও প্ৰধান মন্ত্ৰীৰ জন্ম দিৱস উপলক্ষে দিয়ুঙব্ৰা স্বাস্থ্য কেন্দ্ৰৰ ৰোগী সকলৰ মাজত ফলমূল বিতৰণ কৰে।

উল্লেখনীয় যে প্ৰধান মন্ত্ৰী মোদীয়ে লালকিল্লাত স্বাধীনতা দিৱসৰ অনুষ্ঠানত দিয়া ভাষণত দেশবাসীক প্লাষ্টিক বৰ্জনৰ আহ্বান জনাইছিল।

ইয়াৰ উপৰি আগষ্ট মাহৰ অন্তিম দেওবাৰে ‘মন কি বাত’ অনুষ্ঠানত প্ৰধান মন্ত্ৰী মোদীয়ে ৰাইজৰ উদ্দেশ্যে অহা ২ অক্টোবৰ মহাত্মা গান্ধীৰ ১৫০ সংখ্যক জন্ম দিৱসটো প্লাষ্টিক মুক্ত ভাৰত গঢ় দিয়াৰ লক্ষ্যৰে পালন কৰিবলৈ আহ্বান জনাইছিল।

মোদীৰ আহ্বানৰ পাছতেই দেশজুৰি প্লাষ্টিক মুক্ত অভিযান আৰম্ভ হৈছে।