অসম জাতীয়তাবাদী যুৱ পৰিষদৰ মাৰ্ঘেৰিটা আঞ্চলিক সমিতিখন পুনৰ গঠন

IMG-20200901-WA0014

আজি অসম জাতীয়তাবাদী যুৱ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ অন্তৰ্গত মাৰ্ঘেৰিটা আঞ্চলিক সমিতি পুনৰ গঠন কৰা হয়।

মাৰ্ঘেৰিটাস্থিত শিশু ভৱন স্কুল প্ৰাংগণত অৰ্ধ শতাধিক যুৱকৰ উপস্থিতিত এখনি ৰাজহুৱা সভাত সমিতিখন পুনৰ গঠন কৰা হয়।

অসম জাতীয়তাবাদী যুৱ পৰিষদৰ মাৰ্ঘেৰিটা মহকুমা সমিতি সভাপতি বিজু কলিতা আৰু সাধাৰণ সম্পাদক বিনোদ দাসে আঁত ধৰা সভাখন পৰিচালনা কৰে তিনিচুকীয়া জিলাৰ ভাঃ সভাপতি লক্ষ্মীকান্ত বড়াই।

উক্ত সভাত অসম জাতীয়তাবাদী যুৱ পৰিষদৰ তিনিচুকীয়া জিলাৰ সাধাৰণ সম্পাদক প্ৰাঞ্জল নেওগ উপস্থিত থাকি ভাষণ প্ৰসংগত কয় যে অসমৰ যুৱ সমাজক আপোচহীন ভাৱে সংগঠিত কৰি অসমৰ ৰাইজৰ স্বাৰ্থত ৰাষ্ট্ৰীয় শোষণ, নিষ্পেষণৰ লগতে ৰাজ্যিক ভিত্তিত চলা অন্যায় বিষয়ে উল্লেখ কৰে।

ভাষণ প্ৰসঙ্গত তেওঁ লগতে অত্যাচাৰ, অবিচাৰ, দুৰ্নীতিৰ বিৰুদ্ধে মাত মাতি ৰাইজৰ হকে কাম কৰি যাবলৈ আহ্বান জনায়।

ইয়াৰ উপৰিও জাতিটোৰ ভাষা-কৃষ্টি, সংস্কৃতি‌, লোক পৰম্পৰা ৰক্ষা কৰিবলৈ পণ ল’বলৈ অসম জাতীয়তাবাদী যুৱ পৰিষদৰ মাৰ্ঘেৰিটা আঞ্চলিক সমিতিখনক আহ্বান জনায়।

অনাগত দিনত মাৰ্ঘেৰিটাৰ বিভিন্ন ৰাজহুৱা সমস্যাসমূহ সমাধানৰ কাৰণে জাতি-ধৰ্ম-বৰ্ণ-ভাষা নিৰ্বিশেষে সকলো শ্ৰেণী ৰাইজক ঐক্যবদ্ধ কৰি সমাজ জীৱনক আগুৱাই নিয়াৰ দায়িত্ব গ্ৰহণ কৰিবলৈ আহ্বান জনায় অসম জাতীয়তাবাদী যুৱ পৰিষদৰ তিনিচুকীয়া জিলাৰ সাধাৰণ সম্পাদক প্ৰাঞ্জল নেওগে।

সভাত অসম জাতীয়তাবাদী যুৱ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ কেইবাজনো বিষয়ববীয়া উপস্থিতিত উক্ত সভাত সৰ্বসন্মতিক্ৰমে শিবু থাপাক সভাপতি, সঞ্জীৱ বৰাক সাধাৰণ সম্পাদক হিচাপে লৈ ৩০ জনীয়া পুৰ্ণাংগ আঞ্চলিক সমিতি খন গঠন কৰা হয।